উৰিষ্যাত আন এক ৰে’ল দুৰ্ঘটনা

উৰিষ্যাত আন এক ৰে’ল দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- উৰিষ্যাত আন এক ৰে’ল দুৰ্ঘটনা। বৰগড়ত লাইনচ্যুত হ’ল এখন ৰে’ল। ৰে’লখনৰ পাঁচটাকৈ ডবা লাইনচ্যুত হয়। অৱশ্যে দুৰ্ঘটনাত পতিত ৰে’লখন যাত্ৰীবাহী ৰে’ল নহয়। চূণশিল কঢ়িয়াই নিয়া এখন মালবাহী ৰে’ল লাইনচ্যুত হয়। এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।