উৰিয়ামঘাটত অব্যাহত উচ্ছেদ অভিযান

উৰিয়ামঘাটত অব্যাহত উচ্ছেদ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- অব্যাহত আছে অসম-নাগালেণ্ড সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বন বিভাগ, জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। দ্বিতীয়দিনা অর্থাৎ বুধবাৰে পুৱাৰে পৰা সোণাৰীবিল তাপু আৰু পিঠাঘাট অঞ্চলত চলিল প্ৰশাসনৰ শ শ বুলড’জাৰ। দ্বিতীয়দিনাও প্রায় দুই শতাধিক বাসগৃহ, প্রায় ২,০০০ হেক্টৰ ভূমি অবৈধ আগ্রাসনৰ পৰা উচ্ছেদ কৰিলে বন বিভাগ তথা গোলাঘাট জিলা প্রশাসনে। ৰেংমা সীমান্ত বনাঞ্চলৰ প্ৰায় ১১,০০০ হেক্টৰ ভূমিত বনধ্বংস কৰি নিৰ্মাণ কৰা বহু বসতি অঞ্চল, অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ উচ্ছেদ কৰিছে বন বিভাগে। বুলড’জাৰৰ সহায়ত বিভিন্ন স্থানৰ বৃহৎ বৃহৎ ইটাৰ দেৱালৰ প্ৰকাণ্ড প্রকাণ্ড গৃহ ভাঙি পেলায় প্রশাসনে। বনাঞ্চল ধ্বংস কৰি নিৰ্মাণ কৰা দ্বিশতাধিক আৱাস ধ্বংস কৰাৰ লগতে আৱাসৰ কাষতে থকা বিভিন্ন কৃষিৰ লগত জড়িত শাক-পাচলিৰ খেতি নষ্ট কৰাৰ উপৰি তামোল, নাৰিকলৰ গছ উচ্ছেদ কৰে প্রশাসনে। গোলাঘাট জিলা উপায়ুক্ত পুলক মহন্ত, বন বিভাগৰ উচ্চপদস্থ বিষয়া, চিআৰপিএফৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ তত্ত্বাৱধানত চলা এই উচ্ছেদ অভিযানত বনকৰ্মীৰ লগতে আৰক্ষী জোৱান, চিআৰপিএফ আৰু অন্যান্য বিভাগীয় বিষয়াবর্গ উপস্থিত হৈ দ্বিতীয়দিনাও শান্তিপূর্ণভাৱে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ সোণাৰীবিল তাপু আৰু পিঠাঘাটত বৃহৎ উচ্ছেদ চলায়। বুধবাৰৰ অভিযানৰ পূৰ্বে মঙলবাৰে বিদ্যাপুৰ অঞ্চলত প্রায় ৪.২ হেক্টৰ বনভূমি মুক্ত কৰি ১২০টাকৈ অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্রতিষ্ঠান, বাসগৃহ উচ্ছেদ কৰিছিল বন বিভাগ তথা প্রশাসনে। উৰিয়ামঘাট সীমান্তৰ ৰেংমা বনাঞ্চল ধ্বংস কৰি বৃহৎ বৃহৎ তামোলৰ বাৰী পাতি একপ্ৰকাৰ বৃহৎ অর্থনৈতিক ঘাটি গঢ়ি তুলিছিল সন্দেহজনক লোকে। এই উচ্ছেদ অভিযানৰ মূল লক্ষ্য হৈছে ৰেংমা সংৰক্ষিত বনাঞ্চলত যিসকল অবৈধভাৱে অনুপ্ৰৱেশ কৰি বসবাস কৰিছিল, তেওঁলোকক উচ্ছেদ কৰি ৰেংমা বনাঞ্চলক সংৰক্ষণ কৰা। বন বিভাগে অবৈধভাৱে বনাঞ্চল দখল কৰি থকা লোকসকলক জাননী প্রদান কৰাৰ পাছতো বনাঞ্চল এৰি নোযোৱাৰ বাবে তেনে লোকৰ বাসগৃহত অৱশেষত উচ্ছেদ চলাই প্রশাসনিক ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হয়। আনহাতে সংবাদ মাধ্যমৰ আগত গোলাঘাট জিলা উপায়ুক্ত পুলক মহন্তই জনোৱা অনুসৰি উচ্ছেদ শান্তিপূর্ণভাৱে চলিছে।