উৰণ সেতু নিৰ্মানৰ নামত গছ কটাৰ বিৰোধিতা

উৰণ সেতু নিৰ্মানৰ নামত গছ কটাৰ বিৰোধিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে গুৱাহাটীৰ নুনমাটিৰ পৰা দীঘলী পুখুৰী পৰ্যন্ত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ বাবে দীঘলী পুখুৰীৰ পাৰত থকা বহুবছৰৰ পুৰণি বৃহৎ বৃহৎ গছবিলাক কাটি পেলোৱাৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰি অল ইণ্ডিয়া জন অধিকাৰ সুৰক্ষা কমিটিয়ে এক বিবৃতিত কয় যে অসম চৰকাৰে ৰাস্তা-ঘাটৰ উন্নয়নৰ নামত চাৰিওফালে বহু পুৰণি গছ যিদৰে ধ্বংস কৰি আছে,তাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়হে কৰি আছে।এই উঞ্চতা বৃদ্ধিৰ বাবেই আজি কেবা বছৰ ধৰি অসহ্যকৰ উৎকট গৰমৰ পৰিবেশ সৃষ্টি হৈছে আৰু এইবছৰ ভালে সংখ্যক মানুহৰ মৃত্যুও হৈছে। এনে অৱস্থাত প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰাৰ স্বাৰ্থত বন ধ্বংস কৰা কোনো অৱস্থাতে সমীচিন নহয়।কেন্দ্ৰীয় চৰকাৰেও ২০০৬ চনৰ বন অধিকাৰ আইনখন (FRA -2006) ভৰিৰে মোহাৰি ২০২৩ চনৰ ২৮জুলাই তাৰিখে বন সংৰক্ষণ সংশোধনী বিল সংসদত পাছ কৰি গিবন অভয়াৰণ্য সহ দেশৰ বহু বনাঞ্চল শোষক পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়াৰ ফলত জনসাধাৰণৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।ৰাজ্য চৰকাৰে ইতিমধ্যে দীঘলী পুখুৰীৰ পাৰত সভা-সমিতি নিষিদ্ধ কৰি দোকান-পাট বহুৱাই অঞ্চলটো কদৰ্য কৰি সৌন্দৰ্য আৰু পৰিবেশ ধ্বংস কৰিছ। এতিয়া তাত থকা বৃহৎ বৃক্ষসমূহ ধ্বংস কৰি সেউজীয়া পৰিবেশ চিৰদিনৰ বাবে নোহোৱা কৰিব বিচাৰিছে। চৰকাৰৰ এই জন বিৰোধী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে দীঘলী পুখুৰী সহ অন্যান্য অঞ্চলত বৃক্ষ ধ্বংসৰ চৰকাৰী সিদ্ধান্তৰ বিৰূদ্ধে তীব্ৰ গণ আন্দোলনৰ গঢ়ি তোলৰ বাবে আগুৱাই আহিবলৈ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।