উৰণ সেতু নিৰ্মাণৰ বাবে ভৰলুমুখত গছ কটাৰ প্ৰস্তুতি

উৰণ সেতু নিৰ্মাণৰ বাবে ভৰলুমুখত গছ কটাৰ প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  ভৰলুমুখৰ উৰণ সেতু নির্মাণক লৈ প্রকৃতি ধ্বংসৰ পৰিকল্পনাৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে। উল্লেখ্য যে ভৰলুমুখৰ ৯ নম্বৰ (নতুন ৫ নম্বৰ) ৰে’লৱে গেটৰ ওপৰত নিৰ্মাণ হ’বলগা উৰণ সেতুখন নিৰ্মাণৰ পূৰ্বে লোকনির্মাণ বিভাগে অঞ্চলটোৰ কিছুসংখ্যক গছ-গছনি আৰু বাসস্থানত চিন দিয়াৰ পাছত ৰাইজৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। ভৰলুমুখ নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ সভাপতি খনিন্দ্রলাল শর্মাই  এই সন্দর্ভত কয়, ‘লোকনির্মাণ বিভাগে স্থানীয় ৰাইজৰ লগত কোনোধৰণৰ ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈয়ে গছ-গছনিসমূহ কটাৰ পৰিকল্পনা কৰিছে। উৰণ সেতু নির্মাণ কৰাটো এটা উল্লেখযোগ্য আন্তঃগাঁথনি প্রকল্প। কিন্তু উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোও সমানেই প্রয়োজন। চৰকাৰে কথাবোৰ বিবেচনা নকৰাকৈ গছ-গছনিসমূহ পৰিকল্পনাহীনভাৱে ধ্বংস কৰিলে পৰিৱেশতন্ত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব।’ এই সন্দৰ্ভত বিগত ৩ নৱেম্বৰতে নাগৰিক সমন্বয় সমিতিৰ উদ্যোগত এখন ৰাজহুৱা সভাও অনুষ্ঠিত হৈছিল। সভাতে অঞ্চলটোৰ ৰাইজে কেইবাটাও প্ৰস্তাৱ সর্বসম্মতিক্রমে গৃহীত হৈছিল। সমিতিৰ আহ্বায়ক অবিনাশ শৰ্মাই কয় যে নিৰ্মাণৰ বিভিন্ন দিশ অৱগত কৰাৰ বাবে শীঘ্রে লোকনির্মাণ বিভাগে স্থানীয় ৰাইজৰ সৈতে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিব লাগে। শুনানিৰ সময়ত প্ৰস্তাৱিত উৰণ সেতুখনৰ নক্সাখন ৰাইজক বুজাই দিয়াৰ লগতে শুনানি সম্পূর্ণ নোহোৱা পর্যন্ত বিভাগে সেতুখনৰ নিৰ্মাণকাৰ্য স্থগিত ৰাখিব লাগে। আজি অঞ্চলটোৰ কেইবাগৰাকীও সচেতন লোকে ভৰলুমুখত মিলিত হৈ লোকনির্মাণ বিভাগৰ গছ কটা পৰিকল্পনাৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ছোৱাত ৰাইজে ‘কোনো কাৰণতে বন ধ্বংস কৰাৰ অনুমতি দিয়া নহ’ব’, ‘লোকনির্মাণ বিভাগে সিদ্ধান্ত সলনি কৰক’, ‘গছ থাকিলেহে মানুহ থাকিব’ আদি শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। ৰাইজে উন্নয়নৰ নামত প্রকৃতিক কোনো কাৰণতে ধ্বংস কৰিবলৈ দিয়া নহ’ব বুলি প্রতিবাদ সাব্যস্ত কৰাৰ লগতে আজি মানৱ শৃংখলেৰে তীব্র বিক্ষোভ প্রদর্শন কৰে।