উৎসৱৰ বতৰত গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ ভংগ
ৰঙিলী বাৰ্ত্তাসেৱা- নৱবৰ্ষ, ৰঙালী বিহু, বিশ্বকর্মা পূজা আৰু দুর্গা পূজাৰ পাছত এইবাৰ দীপাৱলী আৰু কালী পূজাতো গুৱাহাটীত হ’ল সুৰাৰ প্লাবন।গুৱাহাটী মহানগৰীত যোৱা দুটা দিনত সুৰাৰ বিক্ৰীয়ে পূৰ্বৰ দীপাৱলীৰ অভিলেখ ভংগ কৰিলে। আবকাৰী বিভাগৰ তথ্য অনুসৰি ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত গুৱাহাটীত প্রায় ৫ কোটি টকাৰ সুৰা বিক্রী হয়। উল্লেখ্য যে ৩০ অক্টোবৰৰ সন্ধিয়াৰে পৰা সুৰাৰ বিপণীসমূহত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছিল। দীপাৱলী আৰু কালী পূজা উপলক্ষে যথেষ্ট আগতীয়াকৈ সুৰা ক্ৰয় কৰা গুৱাহাটীৰ একাংশই যোৱা দুটা দিনত সুৰাৰ সৃষ্টি কৰিলে প্লাবন। মন কৰিবলগীয়া যে এইবাৰ দুর্গা পূজাৰ সময়তো সুৰাৰ বিক্ৰীয়ে সর্বকালৰ অভিলেখ ভংগ কৰিছিল। দুর্গা পূজাৰ চাৰিটা দিনত গুৱাহাটীত প্রায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। ২০২২ চনত দুর্গা পূজাৰ সময়ত গুৱাহাটীত ১৬.৮০ কোটি টকাৰ সুৰাৰ বিক্ৰী হোৱাৰ বিপৰীতে ২০২৩ চনত ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। কিন্তু এই অভিলেখ ভংগ কৰি এইবাৰৰ দুর্গা পূজাত ৩০ কোটি টকাৰ সুৰা বিক্ৰীৰ উপৰি এমাহৰ ভিতৰতে পুনৰ ৫ কোটি টকাৰ সুৰা বিক্ৰীয়ে স্বাভাৱিকতে স্পষ্ট কৰি তুলিছে উৎসৱৰ বতৰত সুৰা সেৱনৰ প্ৰতিযোগিতাক। অৱশ্যে বিগত বৰ্ষত দীপাৱলীত ৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। আবকাৰী বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ মাঘবিহুত গুৱাহাটীত ১২.৫০ কোটি, নৱবৰ্ষ উদ্যাপনত ৮.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। লক্ষণীয় দিশটো হ’ল যে শেহতীয়াকৈ আবকাৰী বিভাগে ছেপ্টেম্বৰ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বহুকেইটা ব্ৰেণ্ডৰ সুৰা আৰু বীয়েৰৰ দাম হ্ৰাস কৰিছে। যাৰ বাবে দীপাৱলীৰ দুটা দিনত অভাৱনীয় হাৰত সুৰা বিক্ৰী হোৱাটো স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিছে। স্মৰ্তব্য যে যোৱা ২০,২৩-২৪ বিত্তীয় বৰ্ষত সুৰা বিপণীসমূহৰ পৰা সংগৃহীত আবকাৰী ৰাজহৰ পৰিমাণ আছিল ৩,৮১৬ কোটি টকা। কার্যতঃ সুৰাপায়ীয়ে ৰাজ্যৰ ৰাজহৰ পৰিমাণ বৃদ্ধিত যে অৰিহণা যোগাইছে সেয়াও ইতিমধ্যে স্পষ্ট হৈ পৰিছে।