উৎসাহ – সংযুক্তা দত্ত

PC - Cooley Law School

উৎসাহ

সংযুক্তা দত্ত,
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

কাৰোৱাক উৎসাহ যোগায় পাইছেনে কেতিয়াবা আপুনি ? এই যে উৎসাহ শব্দটো শুনিবলৈ হে সাধাৰণ কিন্তু ইয়াৰ কাম অসাধাৰণ। উৎসাহ দিবলৈও উৎসাহৰ প্ৰয়োজন হয়। উৎসাহ কিন্তু সকলোৱে দিব নোৱাৰে। কেতিয়াবা কৰিব নোৱাৰা কিছুমান কাম কিন্তু এই উৎসাহৰ জৰিয়তে মানুহে কৰিব পাৰে। সেয়া নিজে নিজক দিয়া উৎসাহ বা আনে দিয়া উৎসাহ । সকলো ক্ষেত্ৰত ইতিবাচক আৰু নেতিবাচক দুটা দিশ থাকে। ঠিক তেনেদৰে উৎসাহৰো ইতিবাচক আৰু নেতিবাচক দুটা দিশ আছে।সেই দিশ নিৰ্ভৰ কৰে আপোনাৰ কৰ্মৰ ওপৰত। যেনেকৈ মানুহে ভাল কামত উৎসাহ জনায়। ঠিক তেনেদৰে কিন্তু বেয়া কামতো মানুহেই উৎসাহ জনায়। উৎসাহ সদায় ভালৰ লগত হে জৰিয়ত হৈ থাকে। সেই কাৰণেই হয়তো উৎসাহ দিব জানিলেও কিছু লোকে সহজে উৎসাহ নিদিয়ে। এই উৎসাহ শব্দটোতে সোমাই থাকে সাহস শব্দটো। সেইকাৰণেই প্ৰথমে মানুহে উৎসাহ নিদিয়ে। দুই তিনিবাৰ বিফল হোৱাৰ পাছত হে দিয়ে। কাৰণ শব্দটোৱেই যে – উৎসাহ। মনৰ ভিতৰৰ পৰা ওলাই অহা এক সাহসেই হ’ল – উৎসাহ।