উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল উচ্চ বৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰী

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল উচ্চ বৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰী

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযানত জালত পৰিল গোৱালপাৰাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী। তদাৰকী আৰু দুর্নীতি নিবাৰকৰ দলে বুধবাৰে অভিযান চলাই গোৱালপাৰাৰ সহকাৰী পঞ্জীয়কৰ উচ্চবৰ্গৰ সহায়ক প্রবীণ মুছাহাৰীক গ্ৰেপ্তাৰ কৰে।গোৱালপাৰা জিলাৰ হাতোগাঁৱৰ ভাই-ভনী মীন মহল সমবায় সমিতিখনৰ বিষয়ববীয়াই পঞ্জীয়ন কৰিবলৈ অহাত কার্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক প্রবীণ মুছাহাৰীয়ে পঞ্জীয়নৰ নামত ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল। পিছত এই বিষয়ে হাতোগাঁৱৰ ভাই-ভনী মীন মঙ্গল সমবায় সমিতিখনৰ বিষয়ববীয়াসকলে তদাৰকী আৰু দুর্নীতি নিবাৰকৰ শাখাত অভিযোগ দিয়ে। এই অভিযোগৰ ভিত্তিত তদাৰকী আৰু দুর্নীতি নিবাৰকৰ দলে আজি অভিযান চলাই ১০ হাজাৰ টকা উৎকোচ লওঁতে হাতে-লোটে কৰায়ত্ত কৰে উচ্চবৰ্গৰ সহায়ক প্রবীণ মুছাহাৰীক। পিছত উচ্চবৰ্গৰ সহায়ক গৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায়। উল্লেখ্য যে গোৱালপাৰা জিলাত মাটিয়া শিক্ষাখণ্ড বিষয়া, আৰক্ষী বিভাগৰ সহকাৰী উপ-পৰিদৰ্শক, মাটিয়া উন্নয়ন খণ্ড বিষয়া, গোৱালপাৰা জিলা কৃষি বিষয়া, ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কৰ্মচাৰী আদি কৰি কেইবাগৰাকী বিষয়া- কৰ্মচাৰীৰ পিছত আজি গোৱালপাৰাৰ সহকাৰী পঞ্জীয়কৰ উচ্চবৰ্গৰ সহায়ক প্রবীণ মুছাহাৰীয়ে তদাৰকী আৰু দুর্নীতি নিবাৰকৰ জালত পৰে।