উৎকোচ লওঁতে আটক দক্ষিণ শালমাৰাৰ লাট মণ্ডল

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিভাগৰ এজন লাট মণ্ডলে উৎকোচ লৈ থকা সময়তে মুখ্যমন্ত্রী বিশেষ সতৰ্কতা কোষে হাতে-লোটে আটক কৰে। অভিযুক্ত লাট মণ্ডলজন আবু তালেব মিয়া বুলি চিনাক্ত কৰা হৈছে। সূত্ৰ অনুসৰি, ভূমি হস্তান্তৰৰ নামত অভিযোগকাৰীৰ পৰা নগদ ১৩,০০০ টকা উৎকোচ লওতে মণ্ডলজনক আটক কৰা হয়।