উলঙ্গ প্ৰকৃতি- চন্দ্ৰ শেখৰ পৰাজুলী

Pc Adobe stock
উলঙ্গ প্ৰকৃতি
পিন্ধাবলৈ এৰিছে নেকি বাৰু ??
আজি পাহৰ-ভৈয়ামে
সেউজ পোছাকৰ আৱৰণ ।
জীৱ শ্ৰেষ্ঠবোৰে কৰিছে বস্ত্ৰৰ হৰণ
চৌদিশে দেখা গৈছে কেৱল
খনন, খনন আৰু খনন ।
মানুহবোৰ যেনেকৈ লজ্জিত হয়
বস্ত্ৰৰ পৰিধান নকৰাকৈ ।
ঠিক সেই একে কথাবোৰ
কিয় বাৰু বুজি নাপায়
উলঙ্গ প্ৰকৃতিক আকোঁৱালি ল’বলৈ ।
প্ৰকৃতিৰ আন্তৰিক ভাষা
আমি যদি অনুভৱ কৰাত সক্ষম ।
তেন্তে উদং প্ৰকৃতিৰ হৃদয়ত
শুনিবলৈ পালোঁ হয়
ঠিক মহাভাৰতৰ সময়ৰ
নিজ শাৰীৰিক নগ্নতা ঢাকিবলৈ
কৌৰৱৰ আগত দ্ৰুপদীয়ে বাবে বাৰে কৰা
এক দুখদায়ী কাতৰ আহ্বান।
চন্দ্ৰ শেখৰ পৰাজুলী
          বিশ্বনাথ চাৰিআলি