উমৰাংছ’ কয়লাখনিৰ পৰা তিনিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উমৰাংছ’ কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ মাজৰ আৰু তিনিজনৰ মৃতদেহ উদ্ধাৰ । উদ্ধাৰ অভিযানৰ ষষ্ঠদিনা শনিবাৰে পুৱা প্ৰায় ৭.৩৫ বজাত কয়লাখনিটোৰ পৰা আৰু এজন শ্ৰমিকৰ মৃতদেহ এন ডি আৰ এফ আৰু সেনাবাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৰ কিছু সময় পিছতেই আন দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয়৷ এতিয়ালৈ কয়লাখনিটোৰ পৰা উদ্ধাৰ হ’ল চাৰিজন শ্ৰমিকৰ মৃতদেহ। ৩০০ ফুট দ গাঁতটোৰ ৰেটহলত পানীৰ পৰিমাণ হ্রাস পোৱাত মৃতদেহসমূহ ওলাই অহাত অভিযানকাৰী দলে তিনিটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা শ্রমিককেইজন হ’ল- উমৰাংছ’ কালামাটিৰ লিজেন মাগাৰ (২৭), কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ খুচি মোহন ৰায় (৭৫) আৰু শোণিতপুৰ জিলাৰ পাণবাৰীৰ শৰৎ গয়াৰী (৩৭)। ইয়াৰ পূৰ্বে যোৱা ৪ জানুৱাৰীত উদ্ধাৰ হৈছিল গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ এজন শ্রমিকৰ মৃতদেহ। চৰকাৰী তথ্য অনুসৰি যোৱা সোমবাৰে কয়লাখনিটোত পানী সোমাই পৰাৰ ফলত আবদ্ধ হৈ পৰিছিল ৯জন শ্রমিক। ইয়াৰে চাৰিজনৰ মৃতদেহ উদ্ধাৰৰ পিছত এতিয়াও আবদ্ধ হৈ আছে ৫জন শ্রমিক। মন কৰিবলগীয়া যে ৩০০ ফুট গভীৰ কয়লাখনিটোত ২০০ ফুট পানী থকাত উদ্ধাৰ অভিযানত যথেষ্ট জটিলতাই দেখা দিছিল যদিও শেহতীয়াকৈ নাগপুৰৰ পৰা ক’ল ইণ্ডিয়াই প্ৰেৰণ কৰা উচ্চ ক্ষমতাসম্পন্ন পাম্পেৰে পানী সিঁচি থকাৰ ফলত পানীৰ পৰিমাণ যথেষ্ট হ্রাস পাইছে। এনে অৱস্থাত অহা ৪৮ ঘণ্টাৰ ভিতৰত কয়লাখনিটোত আবদ্ধ হৈ থকা আন ৫ শ্রমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব অভিযানকাৰী দলে। মন কৰিবলগীয়া যে কয়লাখনিটোৰ গভীৰতাৰ পানী যথেষ্ট বোকাপূৰ্ণ আৰু দুৰ্গন্ধ হৈ পৰাৰ ফলত অভিযানকাৰী দলে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। নৌসেনা, বায়ুসেনা, এনডিআৰএফ, এছডিআৰএফ, অ’এনজিচি আৰু ক’ল ইণ্ডিয়াৰ ডুবাৰুসকলে অভিযান অব্যাহত ৰাখিছে যদিও ৰেটহলত আবদ্ধ হৈ থকা শ্রমিকসকলক উলিয়াই অনাত জটিলতাৰ সৃষ্টি হৈ আছে। অৱশ্যে অহা ৪৮ ঘণ্টাত পানীৰ পৰিমাণ হ্রাস পালে উদ্ধাৰ অভিযানত সফলতা আহিব বুলি দাবী কৰিছে ঘটনাস্থলীত উপস্থিত হোৱা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান হৰমিট সিঙে।