উমৰাংছ’ত আটকধুনীয়া ক্রিকেট ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক সুখবৰ। ৰাজ্যৰ ক্ৰীড়া মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল এখন নতুন ক্ৰিকেট ষ্টেডিয়াম । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উদীয়মান ক্রিকেট খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে ক্ৰিকেটৰ এক ইতিবাচক পৰিৱেশ গঢ়িবলৈ গ্রহণ কৰা পদক্ষেপৰ অংশ হিচাপে শুক্ৰবাৰে ডিমা হাছাও জিলাৰ উমৰাংছ’ত অসম ক্রিকেট সন্থাৰ উদ্যোগত নৈসর্গিক পৰিৱেশত গঢ়ি তোলা প্রায় ১৫,০০০ হাজাৰ আসন ক্ষমতা বিশিষ্ট এক আকর্ষণীয় ভূ-গেলাৰীৰ ব্যৱস্থাসম্পন্ন অত্যাধুনিক ক্রিকেট ষ্টেডিয়াম আৰু ছেঙিয়া তুলাৰাম পেভেলিয়নৰ শুভ উদ্বোধন কৰে। শুক্ৰবাৰে দিনৰ প্ৰায় ১১ মান বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে উমৰাংছ’ত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

তাৰ পিছত পোনে পোনে উক্ত স্থানলৈ ৰাওনা হয় আৰু অসম ক্ৰিকেট সন্থাৰ আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়ামখন মুকলি কৰে । উল্লেখ্য যে ২০২১ চনৰ ২৫ ছেপ্টেম্বৰত আধাৰশিলা স্থাপন কৰা এই ষ্টেডিয়ামখন এক মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত নিৰ্মাণ কৰা হৈছে। খেলুৱৈসকলক উপযুক্ত প্রশিক্ষণ প্রদান আৰু তেওঁলোকৰ সৰ্বোত্তম প্ৰদৰ্শন কৰাত সহায়ক হোৱাকৈ এই ষ্টেডিয়ামত পাঁচটা চেণ্টাৰ উইকেট আৰু পাঁচটা নির্দিষ্ট অনুশীলন পিটচ থকা এক অনুশীলন ক্ষেত্র আছে, যিয়ে বছৰজুৰি প্ৰশিক্ষণৰ সুবিধা নিশ্চিত কৰিব। এই ষ্টেডিয়াম প্রকল্পৰ চৌহদত প্রায় ৩২গৰাকী খেলুৱৈৰ বাবে অত্যাধুনিক সুবিধাযুক্ত এটা পেভিলিয়ন আৰু চৌহদটোৰ কাম-কাজ চলোৱাৰ বাবে কৰ্মচাৰীসকলৰ বাবে ৮টা আৱাসিক কোৱাৰ্টাৰো নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে উমাৰাংছ’ত আজি উদ্বোধন হোৱা ক্রিকেট ষ্টেডিয়ামখনৰ সমীপতে এখন ফুটবল ষ্টেডিয়ামো নির্মাণ হ’ব।

দুয়োবিধ জনপ্রিয় খেলৰ বাবে দুখন ষ্টেডিয়াম নিৰ্মাণ হৈ উঠাৰ পিছত উমৰাংছ’ত ক্রীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব বুলি আশা কৰে। তেওঁ কয় যে দেশৰ তাৰকা ক্রিকেট খেলুৱৈৰ উপস্থিতত এই ষ্টেডিয়ামখনত আগন্তুক সময়ত ক্রিকেট খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নির্মিত এই ষ্টেডিয়ামখনত নিশাৰ ভাগত খেল অনুষ্ঠিত হ’লে ক্রীড়াপ্রেমীয়ে অধিক আনন্দ উপভোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে উক্ত অনুষ্ঠানত উপস্থিত থকা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবহি সদস্য দেৱোলাল গার্লোছাক ষ্টেডিয়ামখনত ‘ফ্লাড লাইট’ৰ ব্যৱস্থা কৰাৰ দিশত যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ঘোষণা কৰে যে উমৰাংছ’ত প্ৰস্তাৱিত ফুটবল ষ্টেডিয়ামখনত এটা ‘ছিন্থেটিক’ ট্রেক স্থাপন কৰা হ’ব আৰু ইয়াৰ বাবে যাৱতীয় পুঁজি ৰাজ্য চৰকাৰে যোগান ধৰিব। ১১ কোটি টকা ব্যয় সাপেক্ষে উমৰাংছুত এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ বাবে অসম ক্রিকেট সন্থাক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলটোত অসমৰ উমা ছেত্রীও সদস্যা হিচাপে আছিল। বোকাখাতৰ এখন গাঁৱৰ নিৱাসী উমা ছেত্রীয়ে নিজ প্রতিভাৰ বলত আজি ক্ৰিকেটৰ ক্ষেত্ৰখনত উজলি উঠিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে সমাজে যদি সুপ্ত প্রতিভাসমূহ বিকাশত গুৰুত্ব আৰোপ কৰে, তেন্তে অসমৰ বহু প্রতিভা পোহৰলৈ আহিব।

উমৰাংছ’ত যদি ক্ৰিকেটৰ এক পৰিৱেশ গঢ়ি উঠে তেতিয়া আগন্তুক পাঁচ-দহ বছত জিলাখনৰ পৰা বহু প্ৰতিভাধৰ ক্ৰিকেট খেলুৱৈ জন্ম হ’ব বুলি তেওঁ কয়। উমৰাংছ’ত উদ্বোধন হোৱা ষ্টেডিয়ামখনৰ পৰাও ক্রিকেট প্রতিভা সৃষ্টি হ’ব বুলি আশা কৰি মুখ্যমন্ত্ৰীয়ে আগন্তুক সময়ত ষ্টেডিয়ামখনৰ সা- সুবিধা উন্নীত কৰাৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি কয়। ভাষণত মুখ্যমন্ত্রীয়ে ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে বিগত সময়ছোৱাত হোৱা পদক্ষেপসমূহৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে জিলাখনৰ বাট-পথ পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হোৱাৰ উপৰি বিদ্যালয়, মহাবিদ্যালয় আদি স্থাপনৰ পদক্ষেপো চলি আছে। এই অনুষ্ঠানত মন্ত্রী নন্দিতা গার্লোছা, অসম ক্রিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গার্লোছা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই, বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ সচিব সনাতন দাস, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যবৃন্দকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
