উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিলে জগদীপ ধনখড়ে। সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। স্বাস্থ্যজনিত কাৰণ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখড়ে। উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হৈছে দেশৰ সংসদৰ বৰ্ষাকালীন অধিৱেশন। সোমবাৰৰ দিনটোত তেওঁ উচ্চ সদনত যথেষ্ট সক্ৰিয় ৰূপত দেখা গৈছিল।  ৰাষ্ট্ৰপতি মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত উপ-ৰাষ্ট্ৰপতি ধনখড়ে উল্লেখ কৰে, “স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসাৰ পৰামৰ্শ মানি চলিবলৈ, সংবিধানৰ ৬৭(ক) অনুচ্ছেদ অনুসৰি, তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো ।” তেওঁ পত্ৰখনত উল্লেখ কৰে, “ভাৰতৰ মহামহিম মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ অদম্য সমৰ্থন আৰু মোৰ কাৰ্যকালত আমি বজাই ৰখা শান্তিদায়ক বিস্ময়কৰ কৰ্ম সম্পৰ্কৰ বাবে মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো । মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় মন্ত্ৰী পৰিষদলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰধানমন্ত্ৰীৰ সহযোগিতা আৰু সমৰ্থন অমূল্য, কাৰ্যকালত মই বহু কথা শিকিছো ।”  তেওঁ লগতে কয়, “সকলো সন্মানীয় সংসদ সদস্যৰ পৰা যি সমৰ্থন, আস্থা আৰু মৰম পাইছো, সেয়া সদায় মোৰ স্মৃতিত থাকিব । আমাৰ মহান গণতন্ত্ৰত উপ-ৰাষ্ট্ৰপতি হিচাপে মই লাভ কৰা অমূল্য অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ বাবে মই গভীৰভাৱে ধন্যবাদী । এই গুৰুত্বপূৰ্ণ সময়ছোৱাত ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক অগ্ৰগতি আৰু অভূতপূৰ্ব ঘাতীয় বৃদ্ধিৰ সাক্ষী আৰু অংশগ্ৰহণ কৰাটো মোৰ বাবে এক সৌভাগ্য আৰু সন্তুষ্টিৰ বিষয় হৈ পৰিছে ।” তেওঁ শেষত কয়, “আমাৰ জাতিৰ ইতিহাসৰ এই পৰিৱৰ্তনশীল যুগত সেৱা আগবঢ়োৱাটো এক প্ৰকৃত সন্মান । এই সন্মানীয় পদৰ পৰা আঁতৰি যোৱাৰ সময়ত ভাৰতৰ বিশ্বব্যাপী উত্থান আৰু অভূতপূৰ্ব কৃতিত্বৰ বাবে মই গৌৰৱ অনুভৱ কৰিছো আৰু ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ ওপৰত অটল বিশ্বাস আছে ৷” উল্লেখ্য যে ১৯৫১ চনৰ ১৮ মে’ত ৰাজস্থানৰ ঝুনঝুনু জিলাত জন্মগ্ৰহণ কৰিছিল জগদীপ ধনখড়ে। চিত্তৰগড়ৰ সৈনিক স্কুলৰ পৰাই স্কুলীয়া শিক্ষা আৰম্ভ কৰি তেওঁ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি আৰু এল.এল.বি. ডিগ্ৰী লাভ কৰে ১৯৭৯ চনত তেওঁ সুদেশ ধনখড়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭৯ চনত জগদীপ ধনখড়ে ৰাজস্থান বাৰ কাউঞ্চিলত অধিবক্তা হিচাপে যোগদান কৰে। ১৯৯০ চনত ৰাজস্থান উচ্চ ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰে। জগদীপ ধনখড় ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ জনতা দলৰ পৰা সাংসদ হিচাপে লোকসভালৈ  মনোনীত  হৈছিল  ইয়াৰ  পিছত ১৯৯১ চনত তেওঁ কংগ্ৰেছত যোগদান কৰে। সেই বৰ্ষতে তেওঁ আজমেৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হয়। ধনখড়ে ২০০৩ চনত বিজেপিত যোগদান কৰে।২০০৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে তেওঁক প্ৰচাৰ সমিতিত স্থান দিছিল। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল গ্ৰহণৰ পূৰ্বে জগদীপ ধনখড়ে ২০১৯ চনৰ পৰা ২০২২ চনলৈ পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  ২০২২ চনৰ ১১ আগষ্টত ভেংকয়া নাইডুৰ পিছত ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰে ।