উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ মনোনয়ন পত্ৰ দাখিল
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে বিৰোধী দলসমূহৰ (ইণ্ডিয়া ব্লক) প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷ পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ মনোনয়ন দাখিল কৰে ৷ বি সুদৰ্শন ৰেড্ডীয়ে মনোনয়ন দাখিল কৰা সময়ত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, ৱায়ানাড়ৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি বহু নেতা উপস্থিত থাকে ৷ তেওঁ মনোনয়ন দাখিল কৰাৰ পূৰ্বে প্ৰেৰণা স্থলত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন।ইতিমধ্যে বুধবাৰে নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে মনোনয়ন দাখিল কৰিছিল ৷ উল্লেখযোগ্য যে, সুদৰ্শন ৰেড্ডী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু গোৱাৰ প্ৰথম লোকায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা। ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ৰেড্ডীয়ে। তেওঁ নিজ কাৰ্যকালত ন্যায়, নিৰপেক্ষতা আৰু সাংবিধানিক মূল্যবোধক সৰ্বোচ্চ স্থানত ৰাখিছিল। প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে জিলা আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈকে ন্যায়িক সেৱাত এক অমলিন চিন ৰাখিলে। ১৯৪৬ চনৰ ৮ জুলাইত জন্মগ্ৰহণ কৰা বি সুদৰ্শন ৰেড্ডীয়ে বি.এ. আৰু এল.এল.বি. ডিগ্ৰী লাভ কৰে আৰু ১৯৭১ চনৰ ২৭ ডিচেম্বৰত অন্ধ্ৰ প্ৰদেশ বাৰ কাউন্সিলত অধিবক্তা হিচাপে পঞ্জীয়ন কৰে। উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৫ ৰ বাবে মনোনয়ন দাখিল কৰা দুয়োগৰাকী প্ৰাৰ্থী দক্ষিণ ভাৰতৰ ৰাজ্যৰ পৰা আহিছে ৷ এনে পৰিস্থিতিত যিজন প্ৰাৰ্থীয়েই জয়ী নহওক কিয়, তেওঁ দক্ষিণক প্ৰতিনিধিত্ব কৰিব ৷ উল্লেখ্য যে, ২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণত জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পিছতে উপ-ৰাষ্ট্ৰপতি পদ খালী হৈ পৰে ৷ ইয়াৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনা ভোটগণনাও হ’ব ৷ একে সময়তে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট, আনহাতে ২৫ আগষ্টলৈ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ৷ সংসদৰ দুয়োখন সদনৰ সদস্যৰে গঠিত এখন নিৰ্বাচক মণ্ডলীৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয় ৷ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সংবিধানৰ ৬৪ আৰু ৬৮ নং অনুচ্ছেদৰ বিধান অনুসৰি পৰিচালিত হয় ৷ নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন, ১৯৫২ৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে অৱগত কৰে ৷ ভাৰতীয় সংবিধানৰ ৬৬(১) অনুচ্ছেদ অনুসৰি একক হস্তান্তৰযোগ্য ভোটৰ দ্বাৰা আনুপাতিক প্ৰতিনিধিত্বৰ ব্যৱস্থাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হ’ব আৰু এনে নিৰ্বাচনত ভোটদান গোপন বেলটৰ দ্বাৰা হ’ব ৷