উপ-ৰাষ্ট্ৰপতি নির্বাচনৰ ভোটগ্ৰহণ আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। যোৱা ২২ জুলাইত স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পিছত এই পদবীৰ বাবে আজি আনুষ্ঠানিক নির্বাচন চলি আছে। নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী চি পি ৰাধাকৃষ্ণন বনাম বিৰোধী ইণ্ডি জোঁটৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেষ্ট্ৰীৰ মাজত যুঁজ হ’ব। দেশৰ দ্বিতীয় শীর্ষক সাংবিধানিক পদবী উপ-ৰাষ্ট্ৰপতি নির্বাচন পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে আৰু ৫ বজাত সমাপ্ত হ’ব। ৰাজ্যসভা আৰু লোকসভাৰ সকলো সদস্যই ভোটদান কৰাৰ পিছত সন্ধিয়া ৮ বজাত ভোট গণনা হ’ব আৰু দেশৰ উপ-ৰাষ্ট্ৰপতি নির্বাচিত হ’ব। তথ্য মতে বৰ্তমান ৰাজ্যসভাত ২৩৯জন সদস্য আছে। লোকসভাত আছে ৫৪২সদস্য। মুঠ সদস্যৰ সংখ্যা ৭৮১জন। অর্থাৎ ৭৮১জনে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। বিজেডি আৰু বিআৰএৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিম বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছত ভোটৰ সংখ্যা ৭৭০লৈ হ্রাস পাইছে। কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন বিআৰ এছৰ ৪জন সদস্য ৰাজ্যসভাত আছে। আনপিনে নবীন পাটনায়ক নেতৃত্বাধীন বিজেডিৰ ৭জন সদস্য আছে। দুয়োটা দলৰেই লোকসভাত এজনো সদস্য নাই। সম্প্রতি বিজেপি নেতৃত্বাধীন এনডিএৰ লোকসভাত আছে ২৯৩ আৰু ৰাজ্যসভাত আছে ১৩৩। দুয়ো সদন মিলি এনডিএৰ সদস্যৰ সংখ্যা ৪২৬। এনে কাৰণত সংখ্যাগতভাৱে এনডিএৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ জয় প্রায় নিশ্চিত যদিও ক্রছ ভোটিঙে এই নির্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নথকা নহয়। সংখ্যাৰ দৃষ্টিৰে চালে বিৰোধী ইণ্ডি জোঁটৰ প্ৰাৰ্থী দি সুদৰ্শন ৰেড্ডী জয়ী হোৱাটো অতি কঠিন।