উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগ পত্ৰ গ্রহণ ৰাষ্ট্ৰপতি মুৰ্মৰ

উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগ পত্ৰ গ্রহণ ৰাষ্ট্ৰপতি মুৰ্মৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুলৈ প্ৰেৰণ কৰাৰ পাছত ৰাষ্ট্ৰপতি মুর্মুৱে আনুষ্ঠানিকভাবে উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মুর্মুৱে পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে অধিসূচনাযোগে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগ ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্যসভাত দুপৰীয়া প্রশ্নকালীন ঘণ্টাত ঘনশ্যাম তিৱাৰীয়ে এই নির্দেশনা পঢ়ি শুনায়। ইপিনে উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ কাৰ্যকাল আৰু ৰাজহুৱা সেৱাত তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাক ভূয়সী প্রশংসা কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ বৰ্ণিল জীৱনৰ ঘটনাৱলীক প্রশংসা কৰাৰ লগতে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰে।