উপ-পৰিদৰ্শক সমুজ্জ্বল কাকতি,কনিষ্টবল ৰাজীৱ বৰদলৈক অসম আৰক্ষীৰ গভীৰ শ্ৰদ্ধাঞ্জলি

Pc The Janambhumi

উপ-পৰিদৰ্শক সমুজ্জ্বল কাকতি,কনিষ্টবল ৰাজীৱ বৰদলৈক অসম আৰক্ষীৰ গভীৰ শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা-  বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে কৰ্তব্যৰত দুই আৰক্ষীয়ে৷নিশা এটা গোচৰৰ তদন্তৰ বাবে গৈছিল কামপুৰ আৰক্ষীৰ এটা তিনিজনীয়া দল৷সেই সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা।কৰ্তব্য সম্পাদন কৰিবলৈ গৈ যোৱা নিশা নগাঁও জিলাৰ কামপুৰ অঞ্চলত বানৰ কোবাল সোঁতত উটি গৈ দুর্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লোৱা কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰতি অসম আৰক্ষীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক সভাত প্রয়াত কাকতি আৰু বৰদলৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে দুয়োগৰাকীৰে বিদেহ আত্মাৰ সদ্‌গতিৰ বাবে দুই মিনিট সময় ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা জনোৱা হয়।আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (প্রশাসন) এম পি গুপ্তা, প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখাৰ আৰক্ষী মহা-পৰিদৰ্শক অনুৰাগ আগৰৱালাৰ উপৰিও আৰক্ষীৰ বিভিন্ন বৰ্গৰ বিষয়া, জোৱান আৰু কৰ্মচাৰীসকলে প্ৰয়াত কাকতি আৰু বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি দুয়োগৰাকী আৰক্ষীৰে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে।উল্লেখযোগ্য যে,উপ-পৰিদৰ্শক সম্মুজ্জ্বল কাকতি,জোৱান ৰাজীৱ বৰদললৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সতীৰ্থ আৰক্ষী সকলে।চকুলো টুকি দুই সতীৰ্থক বিদায় দিলে নগাঁও আৰক্ষীয়ে।অকালতে আৰু আকস্মিকভাৱে মৃত্যুক সাবটি লোৱা সমুজ্জ্বল কাকতি আৰু ৰাজীৱ বৰদলৈৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে।দুয়োখন ঘৰৰ লগতে সমগ্ৰ কামপুৰত এই ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে।গুৱাহাটীৰ চাংসাৰিৰ সমুজ্জ্বল কাকতিয়ে মাত্ৰ ১ টা মাহ পূৰ্বে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল।মাত্ৰ ১ টা মাহতে তেওঁ কামপুৰৰ বিভিন্ন লোকৰ মাজত আন্তৰিক সম্পৰ্ক গঢ়িবলৈ সক্ষম হৈছিল।অঞ্চলটোত নতুনকৈ যোৱাৰ বাবেই তেওঁ বাট-পথ ভালকৈ চিনি পোৱা নোপোৱাৰ বাবেই দেওবাৰে নিশা এই অঘটন সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে।