উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত উত্তপ্ত পৰিস্থিতি

উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত উত্তপ্ত পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা-  চামগুৰি সমষ্টিত প্রাক্-নির্বাচনী হিংসাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চামগুৰি সমষ্টিত  কংগ্ৰেছৰ এক ৰেলী কাৰ্যসূচী আছিল। এই ৰেলীত ৰূপহীহাটৰ বৰতলত বিজেপি দলৰ নেতা-কর্মীসকলক কংগ্রেছ কর্মীয়ে বিভিন্ন গালি-গালাজ পৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে নানা শ্লোগান দিয়াত উত্তেজিত হৈ পৰে বিজেপি দলৰ নেতা-কর্মীসকল। ফলত দুয়োপক্ষৰ মাজত হতাহতি আৰু ৰেলীত যোৱা গাড়ীত আক্রমণ কৰে। বিজেপি কর্মীৰ আক্ৰমণত কংগ্ৰেছৰ ৰেলীত যোৱা কেইবাখনো গাড়ী ভাঙি-ছিঙি লণ্ডভণ্ড হয়। দুয়োপক্ষৰ আক্ৰমণৰ ফলত কেইবাজনো বিজেপি আৰু কংগ্ৰেছ কর্মী আহত হয়। আহতসকলক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এতিয়ালৈকে চামগুৰিত চেপা উত্তেজনা অব্যাহত আছে। এই ঘটনাৰ খবৰ পাই লগে লগে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু দিপ্লুৰঞ্জন শৰ্মা উপস্থিত হৈ আহত বিজেপি নেতা-কর্মীসকলৰ খবৰ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে।