উপৰ্যুপৰি ৰাষ্ট্ৰদ্ৰোহত লিপ্ত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰক

Pc-pratidintime

উপৰ্যুপৰি ৰাষ্ট্ৰদ্ৰোহত লিপ্ত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰক

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰাসকলক অসম বিদ্বেষী বুলি কৈছে৷ বিৰোধী দলসমূহৰ তথ্য সমৃদ্ধ তথা যুক্তিপূর্ণ বক্তব্যসমূহ অসম বিৰোধী নে অসম হিতৈষী সেয়া ৰাইজে বিচাৰ কৰিব৷ কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ দুটা কামে তেওঁৰ ৰাষ্ট্ৰদ্ৰোহী মানসিকতা স্পষ্ট কৰি দিছে৷এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ এক প্ৰেছ বিবৃতি যোগে বৰাই কয়-তেওঁৰ প্ৰথমটো ৰাষ্ট্ৰদ্ৰোহী কাৰ্য্যৰ বিষয়ে ইতিমধ্যেই দেশবাসী অৱগত হৈছে যে মণিপুৰৰ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত আৰ এছ এছৰ নেতা শ্ৰী ৰাম মাধৱক লগত লৈ তেওঁ নিষিদ্ধ ঘোষিত কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে বৈঠকত বহিছিল আৰু মণিপুৰৰ নিৰ্বাচনত বিজেপিৰ সপক্ষে উগ্ৰপন্থীৰ সহায় বিচাৰি চুক্তি কৰিছিল৷ এই কাৰ্য স্পষ্টভাৱে এটা বেআইনী কাৰ্যকলাপ৷ ভাৰতৰ সংবিধানৰ নামত পদ আৰু গোপনীয়তাৰ শপৎ লোৱা, সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ এনে কাৰ্য্য অক্ষমণীয় ৰাষ্ট্ৰদ্ৰোহ৷ তাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁক আৰু শ্ৰী ৰাম মাধৱক গ্ৰেপ্তাৰ কৰিব লাগে৷ দ্বিতীয়তে, সম্প্ৰতি আমেৰিকা যুক্ত ৰাষ্ট্ৰ ভ্ৰমণ কৰি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিদেশৰ মাটিত অস্বস্তিত পেলাই, আমেৰিকাৰ জনগণৰ আগত ভাৰতৰ প্ৰধান মন্ত্ৰীক লজ্জাৱনত কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো ৰাষ্ট্ৰদ্ৰোহৰ ঘটনা সংঘটিত কৰিলে৷উল্লেখযোগ্য যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই চি এন এনক দিয়া এটা সাক্ষাৎকাৰত এইবুলি কৈছিল যে ভাৰতত সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰা আৰু সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিবলৈ আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত মোদীক পৰামৰ্শ দিয়া উচিত৷ আন্তঃৰাষ্ট্ৰীয় কুটনৈতিক বিষয় জড়িত থকা এই বিষয়টোত প্ৰধানমন্ত্ৰী মোদী বা ভাৰত চৰকাৰৰ ফালৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাছিল৷ কিন্তু সাত সাগৰ তেৰ নদীৰ ইপাৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উক্ত বিতৰ্কত প্ৰৱেশ কৰি ভাৰতত থকা “বহু হুছেইন ওবামা”ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কৈ বাৰাক ওবামাৰ বক্তব্যৰ যথাৰ্থতা প্ৰমাণ কৰাৰ লগতে আমেৰিকাৰ মাটিত ভাৰতৰ প্ৰধান মন্ত্ৰীগৰাকীক অস্বস্তিত পেলাই দিলে৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ এই অবিবেচকী কাণ্ডত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে৷ ডঃ শৰ্মাৰ এই কার্যটোও স্পষ্টভাৱে এটা দেশদ্ৰোহী কাৰ্য্৷একমাত্ৰ নিজৰ অতিসক্ৰিয়তা আৰু ঔদ্ধতালি জাহিৰ কৰিবলৈ এনেদৰে উপৰ্যুপৰি দেশদ্ৰোহী কাৰ্যকলাপত লিপ্ত হোৱা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তৎকালে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত থিয় কৰোৱাব লাগে৷