উপৰহালী ৰাইজ গয়ৰহৰ নতুন মণিকুট নিৰ্মাণৰ আধাৰশিলা স্থাপন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ১৩০ বছৰ গৰকা ঐতিহাসিক গোপাল গোঁসাই মণিকুট দক্ষিণ কামৰূপৰ এটা ঐতিহ্যপূৰ্ণ ধৰ্মীয়সাংস্কৃতিক প্ৰতিনিধিত্ব কৰা স্থল হিচাপে উপৰহালীৰ ৰাইজে স্বীকৃতি দি আহিছে ৷ এইবেলি উপৰহালী ৰাইজ গয়ৰহ প্ৰচেষ্টাত তথা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰ তৎপৰতাত নতুনকৈ উপৰহালী ৰাইজ গয়ৰহৰ নতুন মণিকুট নিৰ্মাণৰ আধাৰশিলা যোৱা ১২ ডিচেম্বৰত স্থাপন কৰে সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়া,উপদেষ্টা গজিন ঠাকুৰীয়া,প্ৰদীপ কুমাৰ তালুকদাৰ আৰু স্থানীয় ৰাইজে ৷ এই উপলক্ষে এখনি ৰাজহুৱা উদ্বোধনী সভা সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্ব অনুষ্ঠিত কৰা হয় ৷ আদৰণি ভাষন ৰাখে পবিত্ৰ কুমাৰ তালুকদাৰে ৷ উক্ত সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই ধৰ্মীয় চিন্তাধাৰাৰে এক গাম্ভীৰ্যপূৰ্ণ ভাষন ৰাখে আৰু মণিকুটও সোনকালে হোৱাৰ বাবে আশা ৰাখে ৷ উক্ত অনুষ্ঠানত অঞ্চলটোৰ ভালে সংখ্যক ব্যক্তিয়ে আৰ্থিক সাহায্য দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সমূহ সাহায্য প্ৰদান কৰা ব্যক্তিসকলক উপৰহালী ৰাইজ গয়ৰহ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷