উপৰহালী ছোৱালী হাইস্কুলৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত

উপৰহালী ছোৱালী হাইস্কুলৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত

শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-   উপৰহালী ছোৱালী হাইস্কুলৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান যোৱা ২৭ ডিচেম্বৰ ২০২৪ তাৰিখে অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে উপৰহালী ছোৱালী হাইস্কুল পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ফুলেন্দ্ৰ তালুকদাৰে। উল্লেখ্য যে বিদ্যালয়খনৰ ছোৱালী হাইস্কুলৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত বিজয়ী ছাত্ৰী সকলক পুৰস্কাৰ হিচাপে কিতাপৰ টোপোলা, কলম আদি প্ৰদান কৰা হয়। আনহাতে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৭ গৰাকী ছাত্ৰী ক্ৰমে ভূমিকা ভৰালী( ষ্টাৰ ), নিশিতা তালুকদাৰ( ষ্টাৰ), জুৰি বেগম, নাজমিন আহমেদ, বৰ্ণালী দেৱী, ইচা দাস আৰু নাজিফা আঞ্জুমক মানপত্ৰ, গামোচা, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰহালী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ফণী শৰ্মা, বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক ক্ৰমে সুশান্ত ঠাকুৰীয়া আৰু ম: চাইনো আলী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি সমৰেন্দ্ৰ দাস, জ্যেষ্ঠ সদস্য গজেন চন্দ্ৰ ঠাকুৰীয়া আদিয়ে শিক্ষাৰ্থীসকলক উদগনি মূলক ভাষণ ৰাখি উৎসাহিত কৰে। এই অনুষ্ঠানটি আঁত ধৰি পৰিচালনা কৰে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী তৰুলতা দেৱীয়ে।