উপৰহালীৰ মজুমদাৰপাৰা হৈ দখলা লৈ যোৱা পথৰ দুৰৱস্থা
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ উপৰহালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মজুমদাৰপাৰা হৈ দখলালৈ যোৱা পথৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ জন্ম গাঁৱৰ পথৰ দুৰৱস্থাই স্থানীয় ৰাইজক তীব্ৰ অসুবিধাৰ সম্মুখীন কৰাইছে ৷
এজাক বৰষুণ আহিলেই সদাব্যস্ত পথছোৱা সাগৰ সদৃশ পানীৰে ভৰি পৰে ৷ উপৰহালী মেডিকেল,কমাৰ্চ বিদ্যালয়ৰ লগত সংযুক্ত উক্ত পথছোৱা এতিয়া যাতায়তৰ বাবে অচল হৈ পৰিছে ৷ ছাত্ৰ-ছাত্ৰী,ৰোগীৰ লগতে স্থানীয় ৰাইজে জীয়াতু ভুগিব লগা হৈছে ৷ পথটোৰ দুয়োকাষে নলা নহোৱাৰ বাবে জমা হোৱা পানী ওলাই যাৱ নোৱাৰে ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ৷ পথটোৰ দুয়োপাৰে থকা বাসিন্দাসকলৰ চতাল- ঘৰ পানীত ডুবি যোৱাৰ উপক্ৰম হৈছে, ঘৰৰ ভিতৰত চতালত সাপবেং উভয়নদী হৈ ভৰি পৰিছে ৷
পথটোৰ দুৰৱস্থাৰ বাবে গাঁৱত সোমাৱ নোৱাৰে এম্বুলেন্স ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে পথ নিৰ্মাণত ঠিকাদাৰৰ হেমাহিৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে পথচাৰী ৷ উল্লেখযোগ্য কোনো অঘটন সংঘটিত হোৱাৰ পূৰ্বেই পথটোৰ মেৰামতিৰ লগতে জমা হোৱা পানী ওলাই যোৱাকৈ নলা নিৰ্মাণ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷