উপৰহালীত ৭২ সংখ্যক ৰঙালী বিহু উদযাপন

উপৰহালীত ৭২ সংখ্যক ৰঙালী বিহু উদযাপন

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জন-জীৱনৰ জাতীয় ঐক্য আৰু সমন্বয়ৰ প্ৰতীক বাপতি সাহোন ৰঙালী বিহুটি প্ৰতিগৰাকী অসমবাসীৰ অতি আদৰৰ ৷ বিগত বছৰ কেইটিৰ দৰে এইবছৰো উপৰহালী গাওঁবাসীয়ে অহা ১৯ আৰু ২০ এপ্ৰিল শনিবাৰ আৰু ৰবিবাৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উপৰহালী দুৰ্গাপূজাস্থলীত ৭২ সংখ্যক ৰঙালী বিহুৰ আয়োজন কৰিছে ৷ উপৰহালী ৰঙালী বিহুৰ সমিতিৰ সভাপতিৰ পদত থাকিব ক্ৰমে দীপক তালুকদা,সাধাৰণ সম্পাদক ভূপেন ঠাকুৰীয়া,উপ-সভাপতিদ্বয় ৰিপু কুমাৰ তালুকদাৰ,ৰাজীৱ তালুকদাৰ,সহঃ সম্পাদকদ্বয় কন্দৰ্প দাস, মৃদুল তালুকদাৰ ৷ প্ৰথম দিন ১৯ এপ্ৰিলৰ কাৰ্যসূচীত থাকিব ৰাতিপুৱা ৮.০০ বজাত বিহুৰ পতাকা উত্তোলন,৮.৩০ বজাত স্মৃতি তৰ্পণ,৯.০০ বন্তি প্ৰজ্বলন,১০.০০ বজাত মুখ্য তোৰণ মুকলি,১০.৩০ সাংস্কৃতিক শোভাযাত্ৰা,সন্ধিয়া ৬.০০ বজাত বিশিষ্ট সমাজকৰ্মী “ প্ৰয়াত ধনেশ্বৰ ঠাকুৰীয়া সোঁৱৰণী সাংস্কৃতিক মঞ্চ ” বিহু সন্মিলনীক অৰ্পণ ৷ সন্ধিয়া ৮.০০ বজাত উৰপুত ৰূপকোঁৱৰ কলা- কৃষ্টি সমাজ বিহু দলৰ বিহু হুচৰিৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা গীত-মাত পৰিৱেশন,নিশা ৯.০০ বজাত নিমন্ত্ৰিত শিল্পী প্ৰীতম কোঁচৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন ৷ দ্বিতীয় দিন ২০ এপ্ৰিলৰ কাৰ্যসূচী হিচাপে থাকিব আবেলি ২.০০ বজাত বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাৰ লগতে মুকলি ভেশছন প্ৰতিযোগিতা,সন্ধিয়া ৪.০০ বজাত সম্বৰ্ধনা অনুষ্ঠান,সন্ধিয়া ৭.০০ বজাত বঁটা বিতৰণী অনুষ্ঠান,সন্ধিয়া ৭.৩০ বজাত মঞ্চ মুকলি অনুষ্ঠান,সন্ধিয়া ৮.০০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন,সন্ধিয়া ৮.৩০ বজাত বন্তি প্ৰজ্বলন,নিশা ৯.০০ বজাত পশ্চিম গুৱাহাটী ৰংমন বিহু দলৰ বিহু হুচৰি পৰিবেশন,নিশা ১০.০০ বজাত নিমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন ৷ উল্লেখযোগ্য ৭২ সংখ্যক উপৰহালী ৰঙালী বিহু সন্মিলনত বিশেষ আকৰ্ষণ হিচাপে থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গিতালী দেৱী,প্ৰাঞ্জল কাশ্যপ,প্ৰীতম কোচ লগতে বেণ্ড অফ ৩ পাৰ্থপ্ৰতীম বৈশ্য আৰু সংগীবৃন্দ ৷ লগতে বিহুৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিত আৰু সহায়- সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ৷