উপেক্ষিত – প্ৰভাত ‌বণিয়া

Pc Pexels

উপেক্ষিত

প্ৰভাত ‌বণিয়া

সুখ দুখৰ দোমোজাত থমকি নৰয় আয়ুস বেলি
প্ৰৱাহমান নদী যাৰ আছে গতি দুর্বাৰ
সহজ নহয় ভেটা বান্ধি ৰূদ্ধ কৰাৰ
তত্ৰাচ অন্ত নাই
নদীক অৱৰোধ কৰাৰ মন্ত্ৰণা
ফুল ফুলে সুগন্ধত আমোলমোলায়
দশোদিশ, চোতাল-পদূলি
শকতি আছে কাৰ
জলন্ত জুইক কাপোৰেৰে ঢাকি লুকাই ৰখাৰ
প্ৰতিভা এনেকুৱাই
অপচেষ্টা অপকৌশল নস্যাৎ কৰি
যি পোহৰায় মানুহৰ অন্তৰাত্মা।