উপহাৰ
সত্যজিৎ গগৈ,বামুণী গাওঁ
ভাল লগাবোৰ ভালপোৱালৈ সলনি কৰি
যুদ্ধৰ শেষত তেওঁ মোক এপাহ ফুল দিছিল
ৰঙা ফুলপাহৰ পাহিবোৰত উলমি আছিল
এপিয়লা সুখ
এপিয়লা দুখ
এপিয়লা বিষাদ
আৰু এপিয়লা প্ৰেমৰ মদিৰা।
যুদ্ধ জয়ৰ আখৰাত থাকোতে
তেওঁ মোলৈ এখন চিঠি লিখিছিল
ৰঙা তেজৰ জীয়া চিঠি
তাত উল্লেখ আছিল মৰি মৰি জীয়াই থকাৰ
শেষ উপহাৰৰ কথা আৰু
এটা গৰম চুমাৰ কথা।
পথাৰৰ মাটিখিনিত সপোন এটাক শুবলৈ দি
সেউজীয়া ওখ পাহাৰটোত বহি
কাণে কাণে কৈছিল মাতৃভাষাৰ অপমৃত্যুৰ কথা
শিল ভাঙি থকাৰ পৰা কোনোবাই চিঞৰিছিল
লাহে লাহে শেষ হৈ যাব খোজা
মোৰ শেষ উপহাৰৰ শেষ সময়খিনিৰ কথা।