অণুগল্প
উপহাৰ
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
চহৰীয়া এজন বিখ্যাত পুজিপতি,তেখেতৰ ধনসম্পত্তি সাতপুৰুষে খাই আৰু এবাৰ জনম ল’ব লাগিব তথাপিও তেখেতৰ ধনসম্পত্তি শেষ নহব ৷ চহৰীয়াৰ একমাত্ৰ পুতেক অনন্তৰ বিবাহ,বিবাহ উপলক্ষে বাপেকে চহৰীয়াই পুতেকক মনে বিচৰা উপহাৰ দিবলৈ থিৰাং কৰি অনন্তক কি উপহাৰ লাগিব বুলি শুধিলে ৷ অনন্তই উত্তৰ দিলে মানুহৰ উচ্চ আকাংক্ষাক যদি সঠিক আৰু সাৰ্থক দিশ প্ৰদান কৰা নেযায় তেতিয়া সেই উচ্চ আকাংক্ষাই প্ৰকৃতি,জীৱকুলৰ লগতে গোটেই পৃথিৱীখনৰ বাবে ভাবুকি হৈ পৰে ৷ পৃথিৱী আমাৰ প্ৰথম ঘৰ কিন্তু আমি অট্টালিকা,ভোগ বিলাসিতা আৰু উন্নয়নৰ অন্ধ উনমাদনাত পৃথিৱীখনক ধংসৰ কৰাল গ্ৰাসলৈ ঠেলি দিছোঁ যাৰ পৰিণতি জলবায়ু পৰিবৰ্তন,অনতিপলমে যদি আমি প্ৰকৃতি ৰক্ষা নকৰোঁ তেতিয়া হ’লে জ্বলি ছাই হবলৈ আৰু বেছিদিন নাই গতিকে আপুনি যদি মোক উপহাৰ দিব বিচাৰে তেন্তে নৱপ্ৰজন্মই যাতে শুদ্ধ বতাহত, উশাহনিশাহ লব পাৰে,বিশুদ্ধ পানী খাৱ পাৰে তাৰবাবে মোক বৃক্ষৰোপণ কৰিবলৈ উপহাৰ হিচাপে গছৰ কলম দিয়ক ৷