উপহাৰ
অমিয়া বেগম
সুখ আৰু দুখৰ সমভাগী
নোকোৱাকৈ বুজি পোৱা
মনৰ ভাষা।
অতীতক পাহৰি বৰ্তমানত সাহস হৈ
ভৱিষ্যত জীৱন মসৃণ
কৰিবলৈ হেৰোৱা আত্মবিশ্বাস অনাৰ প্ৰতিশ্ৰুতিৰে
এয়া মোৰ ভ্ৰম নে বাস্তৱ
ব্যস্ততা অজুহাত হে মাথোন।
এয়াও যে প্ৰতাৰণাৰ
বন্ধুৰ এক বিশেষ উপহাৰ।