উপহাৰৰ মানসিকতা বনাম পঢ়াৰ মানসিকতা – দিপ্তী মনি গোস্বামী

PC - Money control
উপহাৰৰ মানসিকতা বনাম পঢ়াৰ মানসিকতা
দিপ্তী মনি গোস্বামী, লখিমপুৰ
আজি কালি সততে শুনিবলৈ পোৱা এষাৰ অতিকৈ সহজ লভ্য বাক্য বা কথা… “আজিৰ নৱ প্ৰজন্মৰ মাজত হেৰাই গৈছে কিতাপ পঢ়াৰ মানসিকতা”। হেৰাই গৈছে নে নাইযোৱা সেই বিষয়ে আলোচনা কৰাৰ বিপৰীতে ক’ব বিচাৰিছোঁ কিতাপ পঢ়াৰ মানসিকতা গঢ়ি তোলাৰ বিষয়ে… আমি সকলোৱে এনে এক মানসিকতাৰে এক মৃদু আন্দোলনৰ গঢ়ি তুলিবলৈ সক্ষম হ’ম। তাৰ বাবে আমি একগোট হ’ব লাগিব উপহাৰ প্ৰদানৰ জৰিয়তে যেনে…. জন্ম দিন, বিবাহ, বিবাহ বাৰ্ষিকী কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ আদৰণি সম্বৰ্দ্ধনা আদি অনুষ্ঠান বিলাকত যদি আমি উভয়ে উভয়কে একোখন কৈ পুথি উপহাৰ হিচাপে দিবলৈ সংকল্প ল‌ও তেতিয়া আমাৰ মাজত কিতাপৰ পঢ়াৰ জোৱাৰ উঠিব। প্ৰিয় জনে দিয়া কিতাপখন পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰি যদি প্ৰথমে অধ্যয়নত মনোনিবেশ কৰা হয়, ক্ৰমান্বয়ে সেই নিচাটো বাঢ়ি গৈ এটা সময়ত এক অভ্যাসত পৰিণত হ’ব আৰু আমাৰ মাজত অধ্যয়নৰ মানসিকতা প্ৰৱল হৈ উঠিব লগে লগে তাৰ প্ৰসাৰ বৃদ্ধি হৈ যাব।বৰ্তমান লিখকৰ তুলনাত পাঠকৰ সংখ্যা হয়তো সঁচাকৈ য়ে সীমাবদ্ধ, যদি তেনে এক জোৱাৰ অনাৰ প্ৰয়াস কৰা হয়, আমি আশাবাদী; সমাজত অধ্যয়নৰ  মানসিকতা অতি তীব্ৰতৰ হৈ সাহিত্যৰ সাধক সকলৰ শ্ৰম সাৰ্থক কৰিব।