উপহাৰতকৈ সান্নিধ্যৰহে প্ৰয়োজন – সুনম বিশ্বাস

অণুগল্প: 

উপহাৰতকৈ সান্নিধ্যৰহে প্ৰয়োজন

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

কমলে  আজি ‘ মাতৃ দিৱস ‘ উপলক্ষে মাকক এডাল সোণৰ চেইন উপহাৰ দিবলৈ আহিল। অনিচ্ছাসত্বেও মাকে উপহাৰটো গ্ৰহণ হাতত লৈ হুকহুকাই কান্দিবলৈ ধৰিলে । এই বয়সত তেখেতৰ এই উপহাৰতকৈ ল’ৰাজনৰ অকণমান সময় ,সেৱা- শুশ্ৰূষা তথা সিহঁতৰ সান্নিধ্যৰহে একান্ত প্ৰয়োজন।
:  তুমি আৰম্ভ কৰিলাই নে …? এই কাৰণে নাহোঁ। এই ফালে চোৱাচোন,  হাঁহি দিয়া অলপ।
: অ’ বোপাই শুনচোন …
: হুম্…শুনি আছোঁ ৰ’বা , কেমেৰাৰ ফালে চোৱা আগতে।
মাকে ওঁঠ চেপি কোনোমতে বাধ্যতামূলক হাঁহি এটা মাৰিলে। সি মাকৰ সৈতে দুখনমান ফটো তুলিলে।সময় নাই বুলি কৈ আশ্ৰমখনৰ পৰা ওলাই আহিল। অফিচলৈ আহি আগতে ” হেপ্পী মাদাৰচ্ দে” বুলি কেপচন লিখি ফটোকেইখন ছচিয়েল মিডিয়াত আপলোড কৰিলে।

এইফালে মাকৰ অন্তৰখনে বিচাৰিছিল পুত্ৰক ক্ষন্তেকৰ বাবে মৰমেৰে বুকুত টানি ল’বলৈ , মনৰ ভিতৰত গধুৰ হৈ থকা কথাবোৰ ল’ৰাটোক খুলি ক’বলৈ । কিন্তু সেই সময়কণেই নাপালে …।