উন্মেষৰ “অস্তৰাগঃ সময় আৰু স্মৃতিৰ ঐক্যতান” শীৰ্ষক অনুষ্ঠান

উন্মেষৰ “অস্তৰাগঃ সময় আৰু স্মৃতিৰ ঐক্যতান” শীৰ্ষক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- উন্মেষৰ উদ্যোগত আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, মনোবিজ্ঞান বিভাগৰ সহযোগত ৫ এপ্ৰিলত মাতৃ নিৱাস বৃদ্ধাশ্ৰম, মঠঘৰীয়া, গুৱাহাটীত “অস্তৰাগ : সময় আৰু স্মৃতিৰ ঐক্যতান” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ আৰম্ভণিতে উন্মেষৰ মুখ্য প্ৰশাসক ড° শ্যাম সুন্দৰ শৰ্মাই সভাত উপস্থিত থকা সকলক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়ায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, মনোবিজ্ঞান বিভাগৰ মুৰব্বী ড° হিমাশ্ৰী কলিতা তালুকদাৰে। স্বৰ্গীয় বিজন দত্তৰ সোঁৱৰণত অনুষ্ঠিত এই অনুষ্ঠানটোৰ পৃষ্ঠপোষকতা কৰে তেওঁৰ সহধৰ্মিণী অৰ্পিতা দত্তই আৰু পৰিয়ালৰ হৈ বক্তৃতা প্ৰদান কৰে বি. বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী তথা অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড° সুচৰিতা দে’ই । এই অনুষ্ঠানত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, গুৱাহাটীৰ মনোবিজ্ঞান বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলে বৃদ্ধ আৱাসীসকলৰ মাজত “Geriatric Screening” কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান গীত-নাচ, কবিতা আবৃত্তি ইত্যাদি পৰিৱেশন কৰে । অনুষ্ঠানৰ অন্তত মাতৃ নিৱাস বৃদ্ধাশ্ৰমলৈ বৃদ্ধাশ্ৰমৰ আৱাসীসকলক চিকিৎসক পৰামৰ্শ কিছু দৰকাৰী ঔষধ প্ৰদান কৰা হয় আৰু এটা প্ৰীতি ভোজনৰ আয়োজন কৰা হয় । অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই আৰু সাৱলীল ভাষাৰে আঁত ধৰে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, মনোবিজ্ঞান বিভাগৰ ছাত্ৰ বিষ্ণুৰাত বৰাই।