উন্মনা ফাগুন
ফাগুনৰ মায়াত মন হ’ল উন্মনা
চৌদিশে দেখো নতুনত্বৰ সম্ভাৱনা
ধূলিৰে সাজ সজাই
ফাগুনৰ পছোৱাই মোৰ কেশ উৰালে
কৃষকৰ মন সেউজীয়া কৰি
সৰিয়হ ডৰা হালধীয়া হ’ল
পলাশ মদাৰে ৰাঙলী সাজেৰে
তোমাক জনালে সম্ভাষণ
মদাৰৰ তেজ ৰঙা ৰঙে প্ৰকৃতি সজালে
শিমলুৰ ৰঙা পাহিত
তুমি আহি মাৰিলা হাঁহি
হাঁহিৰ খলকনিত বননিতে শুই পৰিলে শিমলুৰ পাহি
ৰাংঢালি বিহগীয়ে গছৰ ডালত কৰে প্ৰেমালাপ
লাজতে সৰা পাতে খৰমৰাই উঠে
লঠঙা বিৰিখত ফুলৰ পোহাৰ
মৌ মাখিৰ আপোন পাহৰা গুণগুণনি
সৃষ্টিৰ বা – মাৰলি উৰে দশোদিশে
এইয়া যে ফাগুনৰ বতৰ
আবিৰৰ ৰঙে আকাশ ৰাঙলী কৰে
সকলোৱে ফাকু খেলি আনন্দ কৰে
গকুলত গোপ গোপী নাচে ৰঙ্গমনে !!
ইভা গান্ধীয়া ফুকন