উন্মনা ফাগুন
অনিতা গগৈ, নগাঁও
ফাগুন ফাগুন তই আনিবিনে নতুন সপোন ৷
মেঘালী চুলীত তুলিবিনে কাঁচিয়লী ৰ’দৰ ঢৌ ৷
পছোৱা বতাহে কবিৰ বুকুত তুলিব সাগৰ ঢৌ
কবিৰ মনত জন্ম হয় ফাগুনৰ উন্মনা সপোন
ৰংচঙীয়া বস্ত্ৰ পিন্ধি পলাশ মদাৰ হয় মতলীয়া ৷
যদিও ফাগুনে আনে
লঠঙা ডালৰ উচুপনি নতুবা সৰাপাতৰ বিননি
তথাপি ফাগুনৰ তেজ ৰঙা গধুলীত
পলাশ মদাৰৰ সুগন্ধত কবি হয় মতলীয়া ৷
ফাগুনৰ পছোৱাৰ ধুসৰীত বালিতেই
সপোনৰ ঘৰ সাঁজে অনেক কবিয়ে ৷
বলিয়া ফাগুনে কবিক দেখোৱায় নতুন
সপোন সকলোৰে মনবোৰ সজীৱ কৰি
শুকান মৰুভুমিৰ মাজতো ফুলে
সপোনৰ নানা ৰঙী ৰংচঙীয়া ফুল ৷
ফাগুনে আনে কবিৰ মনলৈ অযুত সপোন
লেখি থয় পলাশৰ ৰঙেৰে মনৰ মাজত
নিভৃত কোণত সাঁচি ৰখা অনুভৱৰ চাকনৈয়া ৷
হালধীয়া সৰিয়হৰ দলিচাত বহি কবিয়ে লেখে
অনুভৱৰ চাকনৈয়াত হেৰাই যাব খোজা
সৰাপাত বিননি নতুবা বাঁহ পাতে
আনন্দত নাচি উঠা জীৱনৰ প্ৰকৃত কাহিনী ৷
ফাগুন কবিৰ বাবে বৰ আপোন মনৰ দাপোন ৷