“উন্নাভ লখিমপুৰ’” ই আলোচনী ( হীৰেন ভট্টাচাৰ্যৰ বিশেষ সংখ্যা ) প্ৰথম খণ্ড উন্মোচন
মৃদুস্মিতা শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- উন্নাভ ‘ , নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰে অগ্ৰসৰ হোৱা সৃষ্টিমূলক কৰ্মৰ সন্ধানৰত সংঘবদ্ধ সাহিত্য এটি গোট ৷ যোৱা ২আগষ্ট ,২০২৫ শনিবাৰে উন্নাভ গোটৰ প্ৰথমখন ই-আলোচনী “উন্নাভ লখিমপুৰ” গুগুল মিটৰ জৰিয়তে উন্মোচন কৰা হয়। উত্তৰ লখিমপুৰৰ স্বাস্থ্য কৰ্মী কবি -গল্পকাৰ , সুলেখক তথা সদৌ অসম কবি সন্মিলনৰ কেন্দ্রীয় প্ৰচাৰ সম্পাদক পংকজ সভাপণ্ডিতৰ সম্পাদনাৰে সম্পাদিত “ উন্নাভ লখিমপুৰ “আলোচনীখন উন্মোচন কৰে কুৱেইট নিবাসী, কুৱেইট সাহিত্য সভাৰ উপসভাপতি মিতালী গোস্বামীয়ে। সুগন্ধি পখিলাৰ কবিজনাৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা “সুবাসিত এসন্ধ্যা “ শীৰ্ষক অনুষ্ঠানত উন্নাভৰ মুখ্য সম্পাদক মৃদুস্মিতা শৰ্মা আৰু মুখ্য উপদেষ্টা মৃদুল শৰ্মা উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে শিশুশিল্পী ইন্দ্ৰানুজ সভাপণ্ডিতে কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে। কবিজনাৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে তেখেতৰ গীত-কবিতাৰে অনুষ্ঠানটো জীপাল কৰি তোলে। ত্ৰাতৃৰ স্বত্তাধিকাৰী অভিযন্তা ত্ৰিদীপ বৰুৱাদেৱে ই-বুকৰ বিষয়ে এক সুন্দৰ ব্যাখ্যা আগবঢ়ায় । গুৱাহাটী বেলতলাৰ কবি ,গল্পকাৰ সুলেখিকা কল্পনা দেৱীয়ে আঁত ধৰা অনুষ্ঠানত মুম্বাইৰ পৰা সদানন্দ গগৈ, গুৱাহাটীৰ পৰা সুলেখিকা আঞ্জুম আৰা হুছেইন, সুলেখিকা ড° জুৰি গোস্বামী, সুকবি প্ৰান্তিকা শৰ্মা, সুলেখিকা মনিৰূপা মিশ্ৰ, সুকবি পাপৰি দেৱী, উদীয়মান কবি তানিয়া মধুকল্য, যুৱলেখক মিন্টু বৈশ্য, সুলেখিকা অঞ্জলি বুঢ়াগোহাঞি, সুলেখিকা দীপ্তি ভূঞা,কুৱেইট সাহিত্য সভাৰ বিজন গোস্বামী আদি বিশিষ্টসকলে হীৰেন ভট্টাচাৰ্যৰ কথা আৰু কবিতাৰে বক্তব্য আগবঢ়ায় ৷ উন্নাভ গোটৰ কেন্দ্ৰীয় বিষয়ববীয়া নিৰ্মিতা বৰগোহাঁই আৰু পাৰিজাত বৰুৱা , সুলেখিকা নৱনীতা শৰ্মা , জ্যেষ্ঠ সাংবাদিক ভৱেশ কলিতা,নগাঁৱৰ সুলেখিকা অঞ্জনা গোস্বামী , যোৰহাটৰ লেখিকা নীলাঞ্জনা শৰ্মা বৰুৱা , পুৰণিগুডামৰ লেখিকা কবিতা বৰাৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।