উদ্যোগৰ বাৰ্ষিক জৰীপ সন্দৰ্ভত ঘূৰণীয়া মেজমেল
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- উদ্যোগসমূহৰ বাৰ্ষিক জৰীপ সম্পৰ্কে এখন ঘূৰণীয়া মেজমেল আজি খানাপাৰাস্থিত ক্ষেত্ৰ পৰিচালনা সংমণ্ডলৰ গুৱাহাটী আঞ্চলিক পৰিসংখ্যা কাৰ্যালয়ত অনুষ্ঠিত হয়। এই মেজমেলৰ জৰিয়তে উত্তৰ–পূৰ্বাঞ্চলত উদ্যোগৰ জৰীপৰ প্ৰয়োজনীয়তা উল্লেখ কৰাৰ লগতে এই ক্ষেত্ৰত সাধাৰণতে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে উনুকিয়াই এনে জৰীপৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহক আহ্বান জনোৱা হয় ৷ উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু প্ৰকল্প ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কার্যালয়ে (এন এছ অ’) উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ সহায়ত সমগ্ৰ দেশৰ ঔদ্যোগিক পৰিসংখ্যা সন্দৰ্ভত নিয়মিতভাৱে তথ্য সংগ্ৰহ কৰে। ই হৈছে ভাৰতবৰ্ষৰ ঔদ্যোগিক পৰিসংখ্যাৰ প্ৰধান উৎস আৰু পৰিসংখ্যা সংগ্ৰহ আইন, ২০০৮ ৰ দ্বাৰা ইয়াক বাধ্যতামূলক কৰাৰ লগতে আইনখনৰ সংশোধনীৰ জৰিয়তে পৰৱৰ্তী সময়ত এই সম্পৰ্কীয় নিয়ম নিৰ্ধাৰণ কৰা হৈছে। উদ্যোগসমূহৰ বাৰ্ষিক জৰীপে সমগ্ৰ দেশকে সামৰি লয়। ইয়ে নির্দিষ্ট বিত্তীয় বৰ্ষত দেশৰ সংগঠিত উৎপাদন খণ্ডৰ বৃদ্ধি, গঠন, গাঁথনি আৰু মুঠ মূল্য সংযোজনৰ ওপৰত প্ৰভাৱৰ পৰিৱৰ্তন, বস্তুনিষ্ঠ আৰু বাস্তৱিকভাৱে মূল্যায়ন কৰিবলৈ পৰিসংখ্যাগত তথ্য প্ৰদান কৰে। উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ক্ষেত্ৰত তথ্য আহৰণৰ সন্দৰ্ভত এক প্রতিষ্ঠানিক দৃষ্টিভংগী (ঔদ্যোগিক দৃষ্টিভংগী নহয়) অনুসৰণ কৰা কৰা হয় ৷ অসম চৰকাৰৰ বিত্ত সচিব দিলীপ কুমাৰ বৰাই এই মেজমেলত অংশগ্ৰহণ কৰি দেশৰ অৰ্থনীতি সন্দৰ্ভত পৰিসংখ্যাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷ এই মেজমেলত ভাৰতীয় পৰিসংখ্যা সেৱাৰ কেবাগৰাকী জ্যেষ্ঠ বিষয়া-উপ সঞ্চালকপ্রধানদ্বয় ডঃ কে এম সিং আৰু স্বপ্নালী ভট্টাচাৰ্য, সহকাৰী সঞ্চালক বি চি পায়েঙ আৰু পৰিসংখ্যা বিভাগৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে ।