উদাত্ত কণ্ঠ
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
শাসক যদি হয় শোষণৰ মূল
শান্তিনো আজি ক’ত
প্ৰতিবাদ যদি হয় দেশদ্ৰোহী
স্বাধীনতা পাব ক’ত…
দুখীয়া প্ৰজাৰ জীৱনৰ মূল্য
পুঁজিপতিৰ মুনাফাৰ তলত আজি
যোগ্য সমাজ ফেঁকুৰি আছে
অজ্ঞানী হোৱাৰ ভৰত…
মানৱতা ক’ত …?
ভাতৃত্ব ক’ত …?
আজি ক’ত হেৰাল নৈতিকতা
ধৰ্মৰ আগত কৰ্ম আহে
কথাষাৰ যেন মাথোঁ সাধুকথা….
মই কওঁ অন্ন নাই
ধৰ্ম চিনি ল’বলৈ ক’লে
মই কওঁ অসুস্থ ঔষধ নাই
জাত চিনি ল’বলৈ ক’লে
মই কওঁ শিক্ষা, কৰ্ম, সমতা
মোক কয় -তই দেশদ্ৰোহী…
হয়!জীয়াই আছোঁ কিন্তু
জীয়াই থাকাটো হ’ল এটা যুদ্ধ
য’ত সপোনবোৰে হাঁহে
পুঁজিপতিৰ বিলাসীতাত
আৰু দুখীয়া প্ৰজাৰ
জীৱনক খুলি খুলি খায়
ভয়, আতংকৰ তাড়নাত…
ন্যায় বিচাৰিলে পোৱা নাযায়
প্ৰতিবাদ কৰিলে অপবাদ মিলে
সঁচা কথা কবলৈ সাহস লাগে
কিয়নো আজিৰ সমাজত
সঁচা দেশপ্ৰেম মানেই দেশদ্ৰোহী…
আজি মানৱতা হেৰাল, ভাতৃত্ব হেৰাল
আছে কেৱল বিভাজনৰ ৰাজনীতি।
নিপীড়িত দুখীয়া জনতা
অসুৰক্ষিত মাতৃ-ভগ্নী
কৃষকৰ আৰ্তনাদ, কৰ্ম সংস্থাপন নাই
শিক্ষিত নিবনুৱাই ভৰপূৰ ৰাজ্য
তথাপি নিউজৰ হেডলাইন
দেশ উন্নয়ন পথত…
আহ! উন্নতি,উন্নতি , উন্নতি….
মই এই দেশৰ সন্তান
মোৰ কলম হ’ল তীক্ষ্ণ অস্ৰমোৰ মাত সময়ৰ
বজ্ৰপাত।
অন্যায় দেখি চকু বন্ধ কৰে
আত্মলোভী ব্যক্তিয়ে
মোৰ উদাত্ত কণ্ঠই কৈ যাব
কিয়নো মোৰ বুকুত জ্বলিছে
অন্যায়ৰ অগ্নি শিখা
শব্দই কৰিব প্ৰতিবাদ
কবিতাই গাব শ্লোগান
এয়া অন্যায়, অন্যায়, অন্যায়…