উদণ্ড যুৱকৰ আক্ৰমণত মৃত্যু প্ৰবীণ গীটাৰিষ্ট জিয়াউৰ ৰহমানৰ

উদণ্ড যুৱকৰ আক্ৰমণত মৃত্যু প্ৰবীণ গীটাৰিষ্ট জিয়াউৰ ৰহমানৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰাণত উদণ্ড যুৱকৰ আক্ৰমণত মৃত্যু  প্ৰবীণ গীটাৰিষ্ট জিয়াউৰ ৰহমানৰ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মৰাণ আৰক্ষীয়ে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে  আক্ৰমণকাৰী যুৱক প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰিছে ৷ উদণ্ড যুৱকৰ আক্ৰমণত মৃত্যু হৈছিল মৰাণৰ পিয়লি নগৰৰ ফৰিদ নামেৰে পৰিচিত বাদ্যযন্ত্ৰী শিল্পী জিয়াউৰ ৰহমানৰ।মৰাণৰ এখন ব্যক্তিগত চিকিৎসালয়ত বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিছিল বাদ্যযন্ত্ৰী শিল্পীগৰাকীয়ে।জানিব পৰা অনুসৰি   শিল্পীগৰাকীয়ে যোৱা ২৬ আগষ্টত নিশা প্ৰায় ৮ বজাত মৰাণ নগৰৰ এখন দোকানৰ পৰা বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰি নিজ ঘৰলৈ খোজকাঢ়ি আহি আছিল। কিন্তু সেই সময়তে কেইজনমান উদণ্ড যুৱকে জিয়াউৰ ৰহমানক আগভেঁটি ধৰিছিল। জিয়াউৰ ৰহমানে যুৱকে কেইজনক আঁতৰিবলৈ অনুৰোধ কৰাত উদণ্ড যুৱককেইজনেক মাৰপিট আৰম্ভ কৰিছিল। পলাশ দাস নামৰ যুৱকজনৰ নেতৃত্বত ঘটনা সংঘটি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে।ৰাজ্যৰ সংগীত ক্ষেত্ৰৰ এগৰাকী জনপ্ৰিয় তথা খ্যাতিসম্পন্ন গীটাৰিষ্ট আছিল জিয়াউৰ ৰহমান। ৫৫ বছৰীয়া বাদ্যযন্ত্ৰী শিল্পীগৰাকীয়ে এসময়ত ১৯৯০-২০০০ চনত বহু জনপ্ৰিয় শিল্পীৰ সৈতে গীটাৰ বজাইছিল। MUSIC DEN AND DANCE ACADEMYৰ জৰিয়তে উঠি অহা প্ৰজন্মক সংগীতৰ শিক্ষা প্ৰদান কৰি আহিছিল জিয়াউৰ ৰহমানে। শিল্পীগৰাকীৰ অকাল মৃত্যুত মৰাণত গভীৰ শোকৰ ছাঁ পৰিছে ৷ এই ঘটনা পোহৰলৈ অহা পাছতে মৰাণত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে সকলোৱে ।