উত্থাপিত প্ৰশ্নৰ উত্তৰ বিচাৰি – ইকবাল হুছেইন

PC - Pexels

উত্থাপিত প্ৰশ্নৰ উত্তৰ বিচাৰি

ইকবাল হুছেইন, মৈৰাবাৰী 

এজন ব্যক্তি যদি মদ্যপান কৰি অৰ্থাৎ নিচা আসক্ত অৱস্থাত মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ আদি ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানলৈ নাযায় বা যাব নুখুজে তেন্তে সেই মানুহজনেই আকৌ সুৰা-মদ পান কৰি মাতাল হৈ নিজৰ মন্দিৰ তুল্য ঘৰখনলৈ কিয় বা কেনেকৈ যায় যাব পাৰে? যিখন ঘৰত নিজৰ জন্মদাত্ৰী তথা ভগৱানৰূপী মা থাকে, যিখন ঘৰত থাকে চেনেহভাজন স্ত্ৰীৰ, মৰমৰ পুত্ৰ-কন্যা, ভাইটি-ভণ্টি তথা শ্ৰদ্ধাৰ ককাই-ভাই আৰু থাকে পূজনীয় পিতামহ, তেনেহলে সেই মন্দিৰ তুল্য ঘৰখনলৈ গৈ হাল্লা-হুলস্থুল কৰি, কিৰীলি পাৰি অশান্তিৰ পৰিবেশ সৃষ্টি কৰাটো জানোঁ সমীচিন হ’ব? জীৱশ্ৰেষ্ঠ মানুহৰ এইধৰনৰ মানসিকতা কেতিয়া সলনি হব? সভ্য জাতিৰ অসভ্যালি কেতিয়া অন্ত পৰিব? মনুষ্য জাতিয়ে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ কল্যানাৰ্থৰ কথা কেতিয়া চিন্তা কৰিব? কেতিয়া নিজৰ সতি-সন্ততিক গুণগত শিক্ষাৰে উচ্চ শিক্ষিত কৰি দেশ তথা দহৰ সেৱাৰ বাবে উৎসাহিত কৰিব? এইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাই ফুৰিব লগীয়া হৈছে। যদিওঁ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিচাজাতীয় ৰাগীয়াল দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰিছে তাৰ পাছতো কিন্তু দেখা গৈছে, মাদক দ্ৰব্যৰ অবাধ প্ৰচলন আৰু ৰমৰমীয়া ব্যৱসায় অবাধ গতিত চলিয়েই আছে। ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগে গুটখাজাতীয় ৰাগীয়াল দ্ৰব্যৰ ওচৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছতো ব্যৱসায়ী সকলে প্ৰাণঘাটি মাদক দ্ৰব্য বিক্ৰী কৰি আমাৰ উঠি অহা নৱপ্ৰজন্মক ধ্বংস কৰাৰ লগতে প্ৰজন্মৰ উত্তৰণ আৰু সম্ভাৱনীয়তা নিঃশেষ কৰি পেলোৱাৰ উপক্ৰম হৈছে। সেয়েহে আমাৰ পঢ়ুৱৈ সমাজলৈও আহ্বান জনাইছোঁ যাতে তেওঁলোকে গুটখাৰ লগতে সকলো ধৰনৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধাচৰণ কৰে আৰু বিক্ৰেতা সকলৰ বিৰুদ্ধেও গণতান্ত্রিকভাৱে জোৰ প্ৰতিবাদ সাব্যস্ত কৰে। সমাজৰ উঠি অহা দেশৰ যুৱপ্ৰজন্মক একেবাৰে এলেহুৱা কৰি তোলাৰ উপৰিও তেওলোকৰ মূল্যবান জীৱন ধংসৰ মুখলৈ ঠেলি দিয়াত ড্ৰাগছ, মদ, গুটখাৰ দৰে ৰাগীয়াল দ্ৰব্যৰ আছে বিশেষ অৰিহণা। গতিকে চৰকাৰ-প্ৰশাসনৰ লগতে সৰ্বস্তৰৰ নাগৰিক ৰাগীয়াল দ্ৰব্যৰ বিৰুদ্ধে সচেষ্ট হ’ব লাগিব। হয়, পলমকৈ হ’লেও নিচাজাতীয় দ্ৰব্য বিৰুদ্ধে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বাবে শলাগ লৈছোঁ, পিছে মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযান ক্ষণস্থায়ী নহৈ দীৰ্ঘস্থায়ী হোৱাটো উচিত।