উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, উড়িষ্যা আৰু ছত্তীশগড়ত ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন

Pc The Economic Times

উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, উড়িষ্যা আৰু ছত্তীশগড়ত ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ, উড়িষ্যা আৰু ছত্তীশগড়ৰত লোকসভাৰ এখন আৰু বিধানসভাৰ ৫ খন আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। নিৰ্বাচন আয়োগৰ মতে, এই ৰাজ্যসমূহত ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, আৰু ৮ ডিচেম্বৰত ভোট গণনা তথা ফলাফল ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলো সেই দিনটোতে ঘোষণা কৰা হ’ব। উত্তৰ প্ৰদেশৰ মইনপুৰী লোকসভা আসন আৰু ৰামপুৰ বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। মুলায়ম সিং যাদৱৰ মৃত্যুৰ পিছত খালী হৈ পৰে মইনপুৰী লোকসভাৰ আসন। তেওঁ ২০১৯ চনত ইয়াৰ পৰাই সাংসদ নিৰ্বাচিত হৈছিল।