উত্তৰ প্ৰদেশ চৰকাৰৰ মুলায়ম সিং যাদৱৰ মৃত্যুত ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ মৃত্যুত উত্তৰ প্ৰদেশ চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটাৰযোগে এই কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যাদৱৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হ’ব।