উত্তৰ প্ৰদেশৰ শিলৰ কোৱেৰীত ১৫জন শ্ৰমিক আবদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা-উত্তৰ প্ৰদেশৰ শিলৰ কোৱেৰীত আবদ্ধ হৈ আছে ১৫জন শ্ৰমিক । উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ শিলৰ কোৱেৰীত পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত ১৫জন শ্ৰমিক আবদ্ধ হয় । নিশা প্ৰায় ৩ বজাত কোৱেৰীৰ কাষতে থকা শিলৰ পাহাৰৰ পৰা হঠাৎ শিল বাগৰি শ্ৰমিককেইজন আবদ্ধ হয় পৰে । এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে ইয়াৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে । জানিব পৰা মতে শ্ৰমিককেইজনে মেচিনৰ সহায়ত প্ৰকাণ্ড শিলত ফুটা কৰি শিল ভঙা কামত নিয়োজিত হৈ আছিল । ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে ।
