উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ উন্নাওত সংঘটিত হৈছে এক দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ উন্নাওত সংঘটিত হৈছে এক দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ উন্নাওৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। গাখীৰৰ টেংকাৰৰ সৈতে যাত্ৰীবাহী বাছৰ ভয়ংকৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত মৃত্যু হয় ১৮জন লোকৰ। আহত কেইবাজনো লোক আহত হয় এই দুৰ্ঘটনাত। হতাহতৰ ভিতৰত আছে শিশুও। আহত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।খবৰ অনুসৰি, বুধবাৰে পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। বিহাৰৰ সীতামাঢ়ীৰ পৰা দিল্লী অভিমুখে গৈ আছিল বাছখন । পুৱাৰ ভাগত লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ৰ কাষেৰে তীব্ৰবেগেৰে গৈ থকা বাছখনে বেহতা মুজাৱাৰ অঞ্চলত পাছফালৰ পৰা গাখীৰৰ টেংকাৰ এখনত খুন্দা মাৰে বাছখনে। ফলত টেংকাৰ আৰু বাছখন উলটি যায় পথৰ ওপৰতে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে প্ৰথমে উদ্ধাৰকাৰ্য আৰম্ভ কৰে। উলটি যোৱা বাছখনৰ যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা কৰে। একে সময়তে আৰক্ষীক খবৰ দিয়া হয়। খবৰ লাভ কৰি বাংগাৰমাউ আৰু বেহতা মুজাৱাৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হয় এছডিএম নম্ৰতা সিঙো। উদ্ধাৰকাৰী দলটোৱে বাছখনৰ খিৰিকী ভাঙি যাত্ৰীসকলক উদ্ধাৰৰ কাম আৰম্ভ কৰে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।