উত্তৰ প্ৰদেশৰ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ ২৭ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ ২৭ জন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হৈছে এক কৰুণ ঘটনা। এক ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ মহিলা আৰু ৩ শিশুসহ কমেও ২৭ জনকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে।ভগৱান শিৱৰ আৰাধনাৰ বাবে অনুষ্ঠিত কৰা ‘সৎসংগ’ (প্ৰাৰ্থনা সভা)ৰ সময়ত সংঘটিত হয় এই ভয়াৱহ ঘটনা ।ঘটনা সন্দৰ্ভত এছ এছ পি ৰাজেশ কুমাৰ সিঙে কয় যে, এক অতি কৰুণ ঘটনা সংঘটিত হৈছে। হাথৰস জিলাৰ ছিকান্দ্ৰৰাউৰ কাষৰ মোগলগড়ী গাঁৱত চলি থকা এক শিৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা লোকৰ মাজত পদপিষ্ট গৈ বহু লোকৰ মৃত্যু হৈছে।তেওঁ পুনৰ কয় যে, এই পৰ্যন্ত চিকিৎসালয়ত ২৭ টা মৃতদেহ লাভ কৰিছোঁ। যাৰ ভিতৰত ২৩ টা মৃতদেহেই মহিলাৰ। বাকী ৩ টা শিশুৰ আৰু এটা পুৰুষৰ।আনহাতে ৰাজ্যখনৰ এগৰাকী শীৰ্ষ বিষয়া ওমেশ কুমানৰ ত্ৰিপাঠীয়ে কয় যে, এতিয়ালৈকে ২৭ টা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। যাৰ ভিতৰত ২৫ গৰাকী মহিলা, দুজন পুৰুষ আছে। বহু আহতক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ সন্দৰ্ভত তদন্ত কৰাৰ পাছত অধিক তথ্য প্ৰকাশ কৰিব পাৰিম।তেওঁ কোৱা মতে প্ৰাথমিকভাৱে ধৰ্মীয় অনুষ্ঠানটোত দৌৰাদৌৰিৰ বাবে এই ঘটনা সংঘটিত হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যমত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক টুইট কৰি এই ঘটনাত মৃতকৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।ইয়াৰোপৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে। তেওঁ জিলা প্ৰশাসন, বিষয়াসকলক আহতসকলৰ ততকালীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰোপৰি আগ্ৰাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু আলিগড়ৰ আয়ুক্তৰ নেতৃত্বত এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।