উত্তৰ প্ৰদেশৰ গ’ণ্ডাত দুৰ্ঘটনাত পতিত ডিব্ৰুগড় এক্সপ্ৰেছ

উত্তৰ প্ৰদেশৰ গ’ণ্ডাত দুৰ্ঘটনাত পতিত ডিব্ৰুগড় এক্সপ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ গণ্ডাত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।এইবাৰ দুৰ্ঘটনাত পতিত হ’ল ১৫৯০৪ নং ডিব্ৰুগড় এক্সপ্ৰেছ ৷ চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল দুৰ্ঘটনাত পতিত ৰে’লখন। চণ্ডিগড়-ডিব্ৰুগড় এক্সপ্ৰেছখনৰ কেইবাটাও ডবা লাইনছ্যুত হৈ বাগৰি পৰিছে। লক্ষ্ণৌ সংমণ্ডলৰ গোণ্ডা আৰু মানকপুৰ ষ্টেশ্যনৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা। ঘটনাত এই পৰ্যন্ত ২ জনকৈ যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে আহত হৈছে আন বহু কেইজন যাত্ৰী। জানিব পৰা মতে ৰে’লখনৰ ১২ টা ডবা লাইছ্যুত হৈছে। ইয়াৰে ৫ টা ডবা বাগৰি পৰিছে। এটা ডবা লাইনৰ পৰা আঁতৰি বহু দূৰত গৈ বাগৰি পৰিছে। এই ঘটনাৰ পাছতে ততাতৈয়াকৈ উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৪ খন এম্বুলেঞ্চ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক ৰে’লৱে হাস্পতাললৈ লৈ গৈছে। ইয়াৰোপৰি জিলা প্ৰশাসন আৰু ৰে’লৱেৰ উচ্চস্তৰীয় বিষয়াসকলো সেই স্থানত গৈ উপস্থিত হৈছে। অৱশ্যে এতিয়ালৈকে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। বিয়লি প্ৰায় ৩-৩০ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ সময়ত ৰে’লখনত অসমৰো বহু কেইজন যাত্ৰী থকাটো নিশ্চিত হৈছে। ৰে’ল দুৰ্ঘটনাৰ পিছত একাধিক হেল্প লাইন নম্বৰ মুকলি ৰে’ল বিভাগৰ। কাটিহাৰ ষ্টেচনৰ হেল্প লাইন নম্বৰ : ৬২৮৭৮০১৮০৫, কিষাণগঞ্জ ষ্টেচনৰ হেল্প লাইন নম্বৰ :৭৫৪২০২০২০, নিউ জলপাইগুৰি ষ্টেচনৰ হেল্প লাইন নম্বৰ : ৬২৮৭৮০১৭৫৮, বাণিজ্যিক কণ্ট্ৰল কাটিহাৰ ৯৭৭১৪৪১৯৫৬, ৯০০২০৪১৯৫২। লক্ষ্ণৌ ষ্টেচনৰ হেল্প লাইন নম্বৰ : ৮৯৫৭৪০৯২৯২, গোণ্ডা ষ্টেচনৰ হেল্প লাইন নম্বৰ: ৮৯৫৭৪০০৯৬৫। তিনিচুকীয়াৰ বাবে ৯৯৫৭৫৫৫৯৮৪, ফৰকাটিঙৰ বাবে ৯৯৫৭৫৫৫৯৬৬, মৰিয়নিৰ বাবে ৬০০১৮৮২৪১০, শিমলুগুৰিৰ বাবে ৮৭৮৯৫৪৩৭৯৮, তিনিচুকীয়াত ৯৯৫৭৫৫৫৯৫৯ আৰু ডিব্ৰুগড়ৰ বাবে ৯৯৫৭৫৫৫৯৬০। ইয়াৰোপৰি গুৱাহাটী ষ্টেচনৰ বাবে মুকলি কৰা হৈছে ৩ টাকৈ হেল্প লাইন নম্বৰ। সেই কেইটা ক্ৰমে ০৩৬১-২৭৩১৬২১, ০৩৬১-২৭৩১৬২২, ০৩৬১-২৭৩১৬২৩। ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দুৰ্ঘটনাৰ ভয়াবহতাৰ কথা উপলদ্ধি কৰি ততকালীনভাৱে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই দুৰ্ঘটনাৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ যাত্ৰীসকলে যাতে কোনো কাৰণতে সমস্যাৰ সন্মুখীন হব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে।