উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনত যৌথভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব সমাজবাদী পাৰ্টি-ৰাষ্ট্ৰীয় লোক দলে

Pc Zee News

উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনত যৌথভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব সমাজবাদী পাৰ্টি-ৰাষ্ট্ৰীয় লোক দলে

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনত মৈনপুৰী সংসদীয়, ৰামপুৰ আৰু খটৌলী বিধানসভাৰ আসনৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে যৌথভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমাজবাদী পাৰ্টি আৰু ৰাষ্ট্ৰীয় লোক দলে। আৰ এল ডিৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে নিশ্চিত কৰে যে এছ পিয়ে মৈনপুৰী আৰু ৰামপুৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আৰ এল ডিয়ে খাটৌলীত প্ৰতিদ্বন্দ্বিতা কৰিব। এই আসনসমূহৰ উপ-নিৰ্বাচন অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব।