উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা ২ মাৰ্চ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে। তিনিখন ৰাজ্যৰ ১৭৮ খন আসনত ১৬ আৰু ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি পুৱা ৮ বজাৰে পৰা ভোটগণনা আৰম্ভ হৈছে। ইয়াৰে, নাগালেণ্ডত ৬০ খন আসনৰ এখন আসন ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। ৰাজ্যখনৰ অকুলুটত সমষ্টিত ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ বাবে আজি কেৱল ৫৯ টা নাগালেণ্ড সমষ্টিৰহে ভোটগণনা কৰা হৈছে। ইয়াৰোপৰি, মেঘালয়তো এখন আসনত নিৰ্বাচন প্ৰতিৰোধ কৰাৰ বাবে ইয়াৰ মুঠ আসন ৬০ৰ পৰা ৫৯ লৈ হ্ৰাস পাইছে। মেঘালয় আৰু নাগালেণ্ডৰ ৬০ খনকৈ বিধানসভা আসনৰ বাবে ভোটদান ২৭ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল। আনহাতে, বিগত ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সম্পন্ন হৈছিল। নিৰ্বাচন আয়োগে ২ মাৰ্চত দিনটোৰ শেষৰ ফালে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ ফলাফল ২০২৩ ঘোষণা কৰিব। জানিব পৰা মতে, নিৰ্বাচনী কাৰ্যৰ লগত জড়িত বিভিন্ন চৰকাৰী কৰ্মচাৰীয়ে ভোটদান কৰা পোষ্টেল বেলটবোৰ প্ৰথমে গণনা কৰা হ’ব আৰু তাৰ পিছত জনসাধাৰণে ভোটদান কৰা EVMৰ ভোট গণনা কৰা হ’ব।