উত্তৰ পূৰ্বাঞ্চলৰ জলপথৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

উত্তৰ পূৰ্বাঞ্চলৰ জলপথৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীস্থিত উত্তৰ-পূব সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়াসকল তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, অসম প্ৰান্তৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উত্তৰ-পূব অঞ্চলৰ যুৱপ্ৰজন্মই যাতে সুপ্ৰশিক্ষণৰ জৰিয়তে সামুদ্ৰিক খণ্ডত পাৰদৰ্শিতা দাঙি ধৰিব পাৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। তদুপৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ শেহতীয়া বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰো তেওঁ বুজ লয়।