উত্তৰ-পূৰ্বাঞ্চলক প্রাপ্য মর্যাদা, সন্মান আৰু সৰ্বাংগীণ উন্নয়ন প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে: সৰ্বানন্দ সোোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলক প্রাপ্য মর্যাদা, সন্মান আৰু সৰ্বাংগীণ উন্নয়ন প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে: সৰ্বানন্দ সোোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে নগালেণ্ডৰ কহিমাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক দলীয় কার্যালয় ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই ভার্চুৱেলী উদ্বোধন কৰে এই ভৱনটো। অনুষ্ঠানত লগতে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা উত্তৰ-পূবৰ দলীয় সমন্বয়ক সম্বিত পাত্ৰ, ৰাষ্ট্ৰীয় যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশ, নগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনা আলোং, সাংসদ এছ ফেংনন কন্যাক প্ৰমুখ্যে দলীয় বিষয়ববীয়া তথা বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তাসকল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়,”কাৰ্যকৰ্তাসকল হৈছে আমাৰ দলৰ তৃণমূল শক্তিৰ আধাৰ। কাৰ্যকৰ্তাসকলৰ অদম্য কৰ্মস্পৃহা, সেৱা আৰু সমৰ্পিত মনোভাবে বিজেপিৰ শক্তি দিনে-দিনে বৃদ্ধি কৰাত সবল ভূমিকা পালন কৰি আহিছে। বিজেপি নগালেণ্ডৰ সাংগঠনিক কাম-কাজ অধিক সংঘবদ্ধ আৰু সুচাৰুভাৱে আগুৱাই নিয়াত সহায় কৰিব আজি শুভ উদ্বোধন হোৱা দলীয় ৰাজ্যিক কার্যালয় ভৱনটোৱে। ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰি কার্যকর্তাসকলক উৎসাহিত কৰাৰ বাবে মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্রী জে পি নড্ডা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।” তদুপৰি সোণোৱালে কয়, “ৰাইজৰ আশীৰ্বাদ আৰু অকুণ্ঠ সমর্থন শিৰত লৈ ভাৰতীয় জনতা পার্টি এতিয়া কেৱল ভাৰতৰে নহয়, বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। দলটোক সেৱা আৰু সমৰ্পণৰ মাধ্যম হিচাপে লৈ ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সবল ভূমিকা গ্ৰহণ কৰিবলৈ কার্যকর্তাসকলক মই আন্তৰিকতাৰে আহ্বান জনালোঁ।” ” প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কল্যাণকামী পদক্ষেপসমূহে বিগত আঠটা বছৰত দেশত উন্নয়নৰ নৱজাগৰণৰ সূচনা কৰিছে। পূৰ্বতে আগৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক অৱহেলা কৰাৰ বাবে সমগ্ৰ অঞ্চলটো যথেষ্ট পিছপৰি ৰৈছিল। কংগ্ৰেছ চৰকাৰে উত্তৰ-পূববাসীক গুৰুত্ব নিদিয়াৰ উপৰি কেতিয়াও আপোন বুলি ভবা নাছিল। কিন্তু মোদীয়ে প্রধানমন্ত্রী হিচাপে শাসনভাৰ লৈয়েই উত্তৰ-পূৰ্বাঞ্চলক দেশৰ প্ৰগতিৰ নতুন ইঞ্জিন আৰু অষ্টলক্ষ্মী আখ্যা দিলে। তেখেতৰ বলিষ্ঠ নেতৃত্বত এতিয়া উত্তৰ-পূবত স্থায়ী শান্তি তথা সৰ্বাংগীণ উন্নয়নৰ পথ প্ৰশস্ত হৈছে। নগালেণ্ডতো বিগত কেইবছৰত অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা হৈছে, যাৰ ফলত সৰ্বস্তৰৰ ৰাইজৰ আস্থা, বিশ্বাস বিজেপিৰ প্ৰতি দিনে-দিনে বৃদ্ধি পাইছে।” বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ দিহা-পৰামৰ্শক সাৰোগত কৰি দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ দিশত আগভাগ ল’বলৈও উপস্থিত সকলোকে সোণোৱালে আহ্বান জনায়। নগালেণ্ড বিজেপিৰ অত্যাধুনিক দলীয় কাৰ্যালয় ভৱনটো ভার্চুৱেলী মুকলি কৰি ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই কয়,”দেশবাসীৰ অফুৰন্ত সমৰ্থনৰ বাবে ভাৰতীয় জনতা পার্টি সবাতোকৈ জনপ্রিয় দল হিচাপে পৰিগণিত হৈছে। দেশৰ সৰ্বস্তৰৰ লোকৰ মাজতে বিজেপিৰ গ্ৰহণযোগ্যতা শক্তিশালী ৰূপত অটুট আছে। এইক্ষেত্ৰত নগালেণ্ডো ব্যতিক্রম নহয়। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে নগালেণ্ডত আমূল পৰিৱৰ্তনৰ ৰূপত অটুট আছে। এইক্ষেত্ৰত নগালেণ্ডো ব্যতিক্রম নহয়। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে নগালেণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে। আজি নগালেণ্ডত উত্তৰ-পূবৰ এটি অন্যতম বৃহৎ দলীয় কার্যালয় মুকলি কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। আমি সমগ্ৰ দেশতে ৫১২টা অত্যাধুনিক দলীয় কার্যালয় মুকলি কৰাৰ যি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ, তাৰ ভিতৰত বিজেপি নগালেণ্ডৰ ভৱনটো ২৩৭তম কার্যালয় ভৱন। দলৰ সাংগঠনিক কাম-কাজ অধিক সবল আৰু সংঘবদ্ধ ৰূপত আগুৱাই নিয়াত এই ভৱনে কাৰ্যকৰ্তাসকলক সহায় তথা উৎসাহিত কৰিব বুলি মই আশাবাদী।