উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিশেষ স্বচ্ছতা অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ দৃষ্টিভঙ্গী পৰিকল্পনা অনুসৰি, বিগত ২ অক্টোবৰৰ পৰা চলি আছে বিশেষ স্বচ্ছতা অভিযান ২.০ । এই বিশেষ অভিযানৰ ৩১ অক্টোবৰত সামৰণি পৰিব । উল্লেখযোগ্য যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্র দায়িত্ব) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) পৃথিৱী বিজ্ঞান; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ বিজ্ঞান দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জীতেন্দ্র সিঙে ২ অক্টোবৰত বিশেষ অভিযান ২.০ ৰ বাবে ‘স্বচ্ছতা’ পৰ্টেল মুকলি কৰিছিল । আনহাতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাঁচি দেই জানিবলৈ দিয়া মতে ৰে’ল মন্ত্ৰণালয়ে স্বচ্ছতা অভিযানৰ বাবে ৰে’লৱেৰ সকলো ষ্টেচন গ্ৰহণ কৰিছে। মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেই উন্নত আৰু পৰিস্কাৰ পৰিৱেশৰ বাবে বিশেষ স্বচ্ছতা অভিযানৰো আয়োজন কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পাঁচটা মণ্ডলৰ অধীনত এই অভিযান সফলতাৰে ৰূপায়ণ কৰা হৈছে। পৰিস্কাৰ পৰিৱেশৰ চৌপাশৰ ওপৰত গুৰুত্ব প্ৰদান আৰু আমাৰ জীৱনত ইয়াৰ দীৰ্ঘম্যাদী ইতিবাচক প্ৰভাৱৰ বিষয়ে প্ৰচাৰ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ভাৰত স্কাউট-গাইডৰ সদস্য আৰু ৰে’লৱে কৰ্মচাৰী পৰিয়ালৰ সদস্যসকলৰ লগত জড়িত হৈ বিভিন্ন স্বচ্ছতা অভিযান চলোৱা হয়। ষ্টেচন আৰু ৰে’লৰ যান্ত্ৰিক স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ৰে’ল আৰু ষ্টেচনৰ স্বচ্ছতা আৰু প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনা সংগ্ৰহ আৰু নিৰাপদ নিষ্কাষনৰ বিষয়ে গুৰুত্ব দিয়া হৈছে।উত্তৰ পূব সীমান্ত ৰে’লৱেই এই স্বচ্ছতা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে নিয়মীয়াকৈ ইয়াৰ চচিয়েল মিডিয়া প্লেটফর্মতো এই বিষয়ে অৱগত কৰি আহিছে।