উত্তৰ-পূব বিশ্ব বিনিয়োগকাৰীৰ শীৰ্ষ সন্মিলন-২০২৩ 

উত্তৰ-পূব বিশ্ব বিনিয়োগকাৰীৰ শীৰ্ষ সন্মিলন-২০২৩ 

অসমত প্রস্তুতি সম্পৰ্কীয় প্রাথমিক সভা 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত বৰ্ষৰ আগষ্টছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া উত্তৰ- পূব বিশ্ব বিনিয়োগকাৰী শীৰ্ষ সন্মিলনৰ বাবে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ প্ৰাথমিক প্রস্তুতি সম্পৰ্কত আজি ঘূৰণীয়া মেজমেল এখন অনুষ্ঠিত হয়৷ ভাৰত চৰকাৰৰ উত্তৰ-পূব উন্নয়ন দপ্তৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত এই ঘূৰণীয়া মেজমেলত ড’নাৰ মন্ত্ৰালয়ৰ দায়িত্বত থকা সচিব আৰু যুটীয়া সচিব ক্ৰমে লোক ৰঞ্জন আৰু হৰপ্ৰীত সিঙকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।  সভাত আগন্তুক বিনিয়োগকাৰী শীৰ্ষ সন্মিলনৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভত অসমৰ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ° লক্ষ্মণন এছ, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্রতাপ সিং, ইনভেষ্ট ইণ্ডিয়াৰ প্ৰতিনিধি ড° গীতিমা কৃষ্ণা আৰু ফেডাৰেশ্যন অৱ ইণ্ডিয়ান চেম্বাৰছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰীৰ প্ৰতিনিধি বিশ্বজিৎ চক্ৰৱৰ্তীয়ে পাৱাৰ পইণ্টৰ জৰিয়তে বিভিন্ন দিশ উপস্থাপন কৰে । সভাত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ সচিব লোক ৰঞ্জনে কয় যে আগন্তুক সন্মিলনখন হ’ব উত্তৰ-পূবত বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰীসকলক উৎসাহিত কৰাৰ অৰ্থে লোৱা এক সন্মিলিত প্রচেষ্টা। সকলোৰে সহযোগিতাত এই সন্মিলন সাফল্যমণ্ডিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। বৰ্তমান অসমৰ পৰিৱেশ বিনিয়োগকাৰীসকলৰ বাবে সম্পূর্ণ অনুকূল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে বৰ্তমান ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনিকে ধৰি অন্যান্য সা-সুবিধা আৰু সুবিধাজনক উদ্যোগ নীতিৰ ফলত বিনিয়োগকাৰীসকল আগবাঢ়ি আহিবলৈ আগ্ৰহী হৈছেসেয়ে সন্মিলনত ৰাজ্যখনত বিনিয়োগ যোগ্য সকলো খণ্ড সুন্দৰভাৱে উন্মোচিত কৰাৰ ক্ষেত্ৰত আৰু অধিক পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ মেজমেলত অসমৰ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° আশীষ কুমাৰ ভূটানীয়ে ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্রসমূহ উন্মেচিত কৰাৰ ক্ষেত্ৰত ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগসমূহক পৰামৰ্শ আগবঢ়ায়। এই অনুষ্ঠানতে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকনে আঁত ধৰা বিনিয়োগকাৰীসকলৰ সৈতে মুকলি আলোচনাত ৰাজ্যখনত ইতিমধ্যে বিনিয়োগ কৰি থকা প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে বিনিয়োগৰ বাবে বৰ্তমান অসমৰ পৰিৱেশ আৰু সুবিধাসমূহ উৎসাহজনক বুলি উল্লেখ কৰি আন বিনিয়োগকাৰীসকলকো আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আনহাতে আজিৰ মেজমেলত উপস্থিত থকা ভূটান চেম্বাৰৰ্ছ অৱ কমাৰ্ছৰ প্রতিনিধিবর্গকে ধৰি অন্যান্য কেইবাটাও সংস্থাই ৰাজ্যখনৰ বিভিন্ন খণ্ডত বিনিয়োগৰ আগ্ৰহ প্ৰকাশ কৰে। এই মেজমেলৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব অৰ্পণ শ‍ইকীয়াই। মেজমেলত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াবর্গ, ভল্টাছ, ষ্টাৰ চিমেণ্ট, এল এণ্ড টি, ব্রিটেনিয়া আদিকে ধৰি বিভিন্ন খণ্ডৰ বিনিয়োগকাৰীসকলৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে