উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ উদ্বোধন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই

উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ উদ্বোধন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘উদয়াচল’ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ উদ্বোধন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই উত্তৰ-পূবৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদানৰ ব্যৱস্থাৰে পেৰা স্প’ৰ্টছ মীট অনুষ্ঠিত কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। বিগত পেৰা অলিম্পিকত ভাৰতে অভিলেখসংখ্যক ২৯টা মেডেল লাভ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে উত্তৰ-পূবৰ ৬খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা ৫৭৫গৰাকী খেলুৱৈয়ে ভৱিষ্যতে দেশক প্রতিনিধিত্ব কৰি আমাক সকলোকে গৌৰৱান্বিত কৰি তুলিব। শাৰীৰিক প্ৰতিবন্ধকতাৰ হেঙাৰ আঁতৰাই নিজ নিজ ৰাজ্যক প্রতিনিধিত্ব কৰি উত্তৰ-পূব পেৰা স্প’র্টছ মীটত অংশগ্রহণ কৰিবলৈ ওলাই অহা খেলুৱৈসকলে প্রথম উত্তৰ-পূব পেৰা স্প’র্টছ মীটক এখন প্রতিযোগিতাৰ পৰা ঊর্ধ্বলৈ লৈ গৈ ইয়াক খেলুৱৈসকলৰ সাহসিকতাৰ এক দস্তাবেজলৈ ৰূপান্তৰিত কৰিব। বিগত সময়ছোৱাত ৰাজ্যত ক্ৰীড়াৰ আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয়- ‘বিগত সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ ক্ৰীড়াৰ আন্তঃগাঁথনিয়ে দ্রুত উন্নয়নৰ মুখ দেখিছে। প্রতিখন জিলাতে ক্রীড়া ষ্টেডিয়াম নিৰ্মাণৰ ব্যৱস্থা লোৱা বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ দিনত প্রায় ৫০খন ষ্টেডিয়াম নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।’ মন্ত্ৰীগৰাকীয়ে সকলো অংশগ্ৰহণকাৰী খেলুৱৈকে নিজ নিজ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ নিয়মিত চর্চা কৰিবলৈও আহ্বান জনায়। ইপিনে, এই অনুষ্ঠানত অংশগ্রহণ কৰি উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ আয়োজক সমিতিৰ সভাপতি তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই কয় যে বহু বছৰৰ পৰাই এনেধৰণৰ এক পেৰা স্প’ৰ্টছ মীট অনুষ্ঠিত কৰাৰ কথা ভাবি আহিছিলোঁ। ‘উদয়াচল’ৰ বহু দিনৰ এটা সপোন আছিল। ৫৭৫গৰাকী এথলীটে এই পেৰা স্প’র্টছ মীটত অংশগ্ৰহণ কৰিছে। আনহাতে, আগলৈ এই পেৰা স্প’ৰ্টছ মীট অধিক বর্ণাঢ্য আৰু বিশালভাৱে আয়োজন কৰা হ’ব বুলি আশা প্রকাশ কৰি তেওঁ কয়- ‘পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াই আমাক স্বীকৃতি দিলে উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটত বিজয়ীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিব। এই মঞ্চৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যতৰ সপোন সাকাৰ হ’ব।’ উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়- সহযোগিতাৰ বাবে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰী এথলীটসকললৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে বর্ণাঢ্য কাৰ্যসূচীৰে সৰুসজাই ক্রীড়া প্রকল্পত প্ৰথম উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ শুভাৰম্ভণি ঘটে। মন্ত্ৰী পীযূষ  হাজৰিকাৰ লগতে আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভূঞা শৰ্মাই বন্তি প্রজ্বলনেৰে পেৰা স্প’ৰ্টছ মীটৰ শুভাৰম্ভণি কৰে। উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণিল কলা-সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকল্ মার্চপাষ্টত অংশগ্ৰহণ কৰে। অহা ২৯ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ উদ্বোধনী অনুষ্ঠানত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ সচিবপ্রধান জয়াৱন্ত গুন্দু, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব আৰু সঞ্চালককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উত্তৰ-পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্য ক্রমে ত্ৰিপুৰা, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মেঘালয় আৰু অসমৰ পেৰা এথলীটে এই পেৰা স্প’ৰ্টছ মীটত অংশগ্ৰহণ কৰিছে। মুঠ ৫টা শাখাত মহানগৰীৰ তিনিটা স্থানত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পেৰা এথলেটিকছসমূহ অনুষ্ঠিত কৰাৰ লগতে ছুইমিং, পেৰা বেডমিন্টন আৰু পেৰা টেবুল টেনিছ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত হ’ব। তদুপৰি আন কিছুসংখ্যক মেচ ‘উদয়াচল’ত অনুষ্ঠিত হ’ব।উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। সামৰণী অনুষ্ঠানত ‘মিৰাকলছ অন হুইলছ’-এ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।