উত্তৰ পূব আঞ্চলিক কেথলিক পৰিষদৰ সংবাদ মেল

উত্তৰ পূব আঞ্চলিক কেথলিক পৰিষদৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰ পূব আঞ্চলিক কেথলিক পৰিষদৰ এখন সংবাদ মেল অনুষ্ঠিত হয়। উক্ত সংবাদ মেলত কেথলিক পৰিষদৰ সদস্য ৰাফেল কুজুৰে কয় যে যোৱা কিছুদিন ধৰি মিছন স্কুলৰ বিষয়ে বেয়া ধৰণে বিভিন্ন বাতৰি সম্প্ৰচাৰ হৈ আছে আৰু ভাবুকি দি আহিছে। তেওঁ কয়,যে ২০০ বছৰৰ ধৰি খ্ৰীষ্টান মিছনেৰী স্কুল বোৰে সকলো জাতি ধৰ্ম নিৰ্বিশেষে পাঠ দান কৰি দেশৰ ডাঙৰ ডাঙৰ লোকৰ সৃষ্টি কৰিছে। দেশৰ প্ৰাক্তন উপ প্ৰধান মন্ত্ৰী লালকৃষ্ণ আদৱানি, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকী ভুঞা শৰ্মা, আনকি দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈ এসময়ৰ খ্ৰীষ্টান মিছনেৰীৰ ছাত্ৰ আছিল।খ্ৰীষ্টান স্কুলত পঢ়িলেই যে খ্ৰীষ্টানৰ শিক্ষা দিয়ে, বা খ্ৰীষ্টান হ’ব লাগিব তাৰ কোনো কথা নাই। তেওঁলোকে এজন ভাল হিন্দু, ভাল মুছলিম, ভাল বুদ্ধিচ, ভাল শিখ, ভাল বৌদ্ধ, ভাল খ্ৰীষ্টান হ’বলৈহে শিকায়। গতিকে মিছা অপবাদ দি এই মিছনেৰী স্কুল বোৰক বদনাম কৰিব নালাগে। ভাৰতীয় সংবিধানৰ বিধানৰ অধীনত এই স্কুল বোৰ চলি আছে। তেওঁলোকে অনুচ্ছেদ২৯ (১) আৰু অনুচ্ছেদ ৩০(১)ৰ কথা উনুকিয়াই দি দাবী ধমকি বদনাম কৰা লোক সকলক এই কামবোৰৰ পৰা বিৰত থাকিবলৈ সঁকিয়াই দিয়ে। এই সংবাদ মেলত ৰাফেল কুজুৰ সহ প্ৰায় ১০ জন মান লোক উপস্থিত আছিল।